Marilia Mendonca:বিমানত বহি ভিডিঅ’ প’ষ্ট কৰিছিল, কিছু সময়ৰ পাছতে মৃত্যু ব্ৰাজিলৰ গায়িকা

87549864

বিমানত উঠি ইনষ্টাগ্ৰামত এটা ভিডিঅ’ প’ষ্ট কৰিছিল । কোনে জানিছিল যে,এইয়াই শেষ বাৰৰ বাবে দেখা যাব ব্ৰাজিলৰ দেশৰ গায়িকা মাৰিলিয়া মেণ্ডনচাক !

ভিডিঅ’ প’ষ্ট কৰা কেইঘণ্টামান পাছতে দুৰ্ঘটনাতপতিত হ’ল বিমান। তাতেই মৃত্যু হ’ল ২৬ বছৰীয়া গায়িকাগৰাকীৰ ।প্ৰয়াত তেওঁৰ মেনেজাৰ, সহকাৰী, পাইলট আৰু সহকাৰী পাইলটও ।

বিমানখনত গানৰ অনুষ্ঠানত যোগ দিবলৈ গৈছিল মাৰিলিয়াই । দেশৰ গান গাই বিখ্যাত হৈছিল মাৰিলিয়া।

২০১৯ চনত লেটিন গ্ৰেমী বঁটাও লাভ কৰিছিল গায়িকাগৰাকীয়ে । স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি শুক্ৰবাৰে নিশা মাৰিলিয়াৰ এটা গানৰ অনুষ্ঠান আছিল।

দুৰ্ঘটনাটো ব্ৰাজিলৰ গোইয়ানিয়াৰ পৰা মিনাস জেৰাইছলৈ যোৱাৰ পথত সংঘটিত হয়। গায়িকাৰ বিভাগৰ তৰফৰ পৰা জনাইছে যে, কোনো যাত্ৰীক বচাব নোৱাৰিলে ।

ইনষ্টাগ্ৰামত দিয়াৰ অন্তিম ভিডিঅ’ত গীটাৰ লৈ বিমানত উঠাৰ আগৰ মুহূৰ্তটো বন্দী হৈছে – তাৰ পাছত মেৰিলিয়াই বিমানত বহি খাই আছিল।

দুৰ্ঘটনাটোৰ কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰা হৈছে। এতিয়ালৈকে পোৱা বাতৰি অনুসৰি- মাটি স্পৰ্শ কৰাৰ আগতে বিমানখনৰ চকাবোৰে ইলেক্ট্ৰনিক তাঁৰত খুন্দা মাৰিছিল। পাইলটজনে নিয়ন্ত্ৰণ হেৰুৱালে আৰু তাতেই বিমানখন মাটিত খুন্দা মাৰে।

Exit mobile version