গ্ৰামীণ ডাকসেৱা শাখাৰ পৰা টকা উলিওৱাৰ ঊর্ধ্বসীমা বৃদ্ধি

940416 indian post

ডাকঘৰ জমা একাউণ্টৰ গ্ৰাহকসকলৰ একাংশৰ বাবে আছে গুৰুত্বপূৰ্ণ খবৰ। ভাৰতীয় ডাক বিভাগে ইয়াৰ গ্ৰামীণ ডাক সেৱা (জিডিএছ) শাখাৰ পৰা উলিওৱাৰ ঊর্ধ্বসীমা চাৰিগুণ পর্যন্ত বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে অলপতে।

ডাক বিভাগৰ এই সিদ্ধান্তৰ ফলত উপকৃত হ’ব অসংখ্য গ্রাহক। ইমানদিনে এইসমূহ গ্রামীণ | ডাকসেৱা (জিডিএছ) শাখাৰ পৰা | এজন ব্যক্তিয়ে এবাৰত সৰ্বাধিক পাঁচ হেজাৰ টকাহে উলিয়াব পাৰিছিল।

এতিয়াৰে পৰা টকা উলিওৱাৰ ঊর্ধ্বসীমা ২০ হেজাৰ টকালৈ বৃদ্ধি পাব। এই বৃদ্ধিৰ ফলত বেংকৰ স’তে ডাকঘৰ জমা একাউণ্ট আঁচনিয়ে জনপ্ৰিয়তাৰ দৌৰত পূর্ণ প্রতিদ্বন্দ্বিতা আগবঢ়াব পৰা হ’ব।

লগতে দীর্ঘম্যাদী ভিত্তিতো ডাকঘৰ জমাৰাশিৰ পৰিমাণ বৃদ্ধি পাব বুলি ধাৰণা কৰিব পাৰি। উল্লেখ্য যে শেহতীয়াকৈ ডাকঘৰৰ জমা আঁচনিৰ গ্ৰাহক তথা জমাৰাশিৰ পৰিমাণ কমিবলৈ ধৰাৰ বিষয়টোৱে বিত্তীয় বিশেষজ্ঞসকলৰ সমান্তৰালভাৱে ডাক বিভাগকো চিন্তিত কৰি তুলিছে।

যাৰ পৰিণতিত গ্ৰাহকক আকৃষ্ট কৰাৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি তাকে লৈ বিশেষজ্ঞসকলৰ স’তে আলোচনাতো মিলিত হৈছে বিভাগটোৰ বিষয়ববীয়া।

ইয়াৰ অংশ হিচাপেই জিডিএছ শাখাৰ মাধ্যমেদি গ্ৰাহকসকলৰ বাবে উন্নত সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে প্ৰথমটো পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই সিদ্ধান্তৰ ফলত ভৱিষ্যতে ডাকঘৰৰ জমা আঁচনিৰ প্রতি সর্বসাধাৰণৰ আগ্রহ বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে বেছিভাগ বেংকৰে ডেবিট কাৰ্ডেৰে জমা একাউণ্টৰ পৰা গ্রামাঞ্চলৰ অধিকাংশ এটিএমৰ জৰিয়তে ১০ হেজাৰ টকাতকৈ অধিক ধন উলিয়াব পৰা নাযায়। ফলত যিসকল গ্রাহকে এবাৰতে ১০ হেজাৰ টকাতকৈ অধিক ধন উলিয়াব বিচাৰে, ডাকঘৰৰ এই সিদ্ধান্তই তেওঁলোকক বাৰুকৈয়ে উপকৃত কৰিব।

Exit mobile version