ভাগি পৰিল শৌচালয়, মহাকাশ কেন্দ্ৰত ডায়পাৰ পিন্ধি চাৰি মহাকাশচাৰী

চাৰি বিজ্ঞানীৰ উভতনি যাত্ৰাৰ সময়তে অথন্তৰ

আন্তর্জাতিক মহাকাশ কেন্দ্ৰৰ টয়লেট ভাঙি পৰাত মহাকাশচাৰীসকল তীব্র আহুকালৰ সন্মুখীন হৈছে। মার্কিন মহাকাশ সংস্থা নাছাৰ মহাকাশচাৰী মেগান মেক আৰ্থাৰে অৱশ্যে এই পৰিস্থিতি চম্ভালিব পাৰিব বুলি সদৰী কৰিছে।

এই ঘটনাৰ ফলত ২০ ঘণ্টা ধৰি ডায়পাৰ পৰিধান কৰি থাকিবলগীয়া হৈছে মহাকাশচাৰীসকল। ভাৰতীয় সময় অনুসৰি শনিবাৰে পুৱা নাছাৰ তৰফৰ পৰা এই তথা সদৰী কৰা হয়।

নাছাই জনোৱা মতে, শৌচালয় বেয়া হোৱাৰ ফলত পৃথিৱীৰ প্ৰায় চাৰিশ কিলোমিটাৰ ওপৰত প্ৰদক্ষিণ কৰা মহাকাশ কেন্দ্ৰত একেবাহে ২০ ঘণ্টা ধৰি ডায়পাৰ পৰিধান কৰি থাকিবলগীয়া হৈছে চাৰি মহাকাশচাৰীয়ে।

অৱশ্যে মহাকাশযানখনৰ পৰা এক সংবাদমেলত মেগানে কয় বিষয়টোক লৈ তেওঁলোক যথেষ্ট উদ্বিগ্ন নহয়। স্পেছ এক্স নামৰ মহাকাশ যানখনত থকা মেগানে কয় যে মহাকাশ যাত্রা বহু সৰু-বৰ প্ৰত্যাহ্বানেৰে ভৰা।

শেহতীয়া ঘটনাও এনে এক প্ৰত্যাহ্বান যাৰ স’তে তেওঁলোকে মোকাবিলা কৰিব আৰু অভিযান সঠিক গতিত আগুৱাই নিব। পূর্ব নিৰ্ধাৰিত সময় অনুসৰি এসপ্তাহ পূর্বে পৃথিবীলৈ উভতি আহিব লাগিছিল এই স্পেছ এক্স।

প্রতিকূল বতৰ আৰু ইয়াৰ এজন সদস্যৰ স্বাস্থ্যজনিত কাৰণৰ বাবে এই উভতনি যাত্রা ইতিমধ্যে পলম হৈছে। সেয়েহে দীঘলীয়া বৈঠকৰ অন্তত শুকুৰবাৰে পৰিচালকে মেগান আৰু তেওঁৰ সহকৰ্মীসকলক পৃথিৱীৰ বাসগৃহলৈ ওভতাই অনাৰ সিদ্ধান্ত লয়।

এই মর্মে দুই এদিনতে পৃথিৱী অভিমুখী যাত্ৰা আৰম্ভ কৰাৰ কথা মেগানসহ আনকেইজন মহাকাশচাৰীয়ে। বিগত ছমাহ ধৰি মহাকাশচাৰীসকল বিভিন্ন গৱেষণা কৰাৰ বাবে মহাকাশত আছিল।

এলন মাস্কৰ সংস্থা স্পেছ এক্সৰ জৰিয়তে তেওঁলোকৰ উভতি অহাৰ কথা আছিল যদিও পৰিৱেশ অতি বেয়া হৈ থকাৰ ফলত ফ্ল’ৰিডাৰ কেপ কেনাভেঁৰালৰ পৰা ৰকেট উক্ষেপণ কৰিব পৰা নাই।

উল্লেখ্য যে মহাকাশচাৰী আন কেইজন হৈছে নাছাৰ শ্বেন কিমব্রো’, জাপানৰ আকিহিকো হে’ছিডে আৰু ফৰাচী মহাকাশচাৰী ধৰ্মাছ পেছকট।

পেছকাটে জনোৱা মতে, তেওঁ মেগানৰ স’তে উভতি আহিব। বিগত ছমাহত তেওঁলোকে বহু কাম কৰিছে। মহাকাশ কেন্দ্ৰৰ উন্নীতকৰণৰ বাবে কাম কৰিছে বুলি সদৰী কৰে পেছকাটে।

ষ্টেছনৰ ‘পাৱাৰ গ্ৰীড’ৰ নৱীকৰণ কৰাৰ লগতে শৌচালয়ৰ ছিদ্ৰ মেৰামতি আদিৰ কামো কৰিছে। ছেপ্টেম্বৰত স্পেছ এক্সৰ ব্যক্তিগত যাত্ৰাৰ সময়ছোৱাত এই সমস্য৷ দৃষ্টিগোচৰ হৈছিল।

অৱশ্যে যাত্ৰাৰ বাবে সুৰক্ষিত বুলি অভিযন্তাসকলে সদৰী কৰিছে। এই বিশ্বাসক সৰোগত কৰি উভতি আহিব লাগিব চাৰিওজন বিজ্ঞানী। মেগানে কয় যে প্রথমবাৰৰ বাবে মহাকাশত জলকীয়া গছৰ অভিজ্ঞতা অতি উৎসাহজনক।

বিগত সপ্তাহত তেওঁলোকে ৰঙা আৰু সেউজীয়া জলকীয়া ব্যঞ্জনত ব্যৱহাৰ কৰিছে বুলিও কয়। ‘জলকীয়াবোৰ ভাল লগাকৈ জুলা আৰু অলপ দেৰিলৈ মুখখন পুৰি থাকে।’ এইদৰে মেগানে কয়।

যোৱা ২৩ এপ্রিলত মহাকাশলৈ যোৱা এই যানখন সর্বাধিক ২১০দিন মহাকাশত থকাৰ বাবে ফুল বুলি কোৱা হৈছিল। শুকুৰবাৰে ১৯৬ দিন পূৰ্ণ হোৱাত নাছাই যিমান সম্ভৱ সোনকালে পাৰি তেওঁলোকক ওভতাই অনাৰ বাবে তৎপৰ হৈছে।

Exit mobile version