যান-বাহন শাখাৰ আৰক্ষীক মাৰধৰ কৰি জেললৈ

82237856

কালি উৎপল গোহাঁইয়ে (ট্ৰেফিক কনিষ্টবল) পানবজাৰ থানাত দিয়া এজাহাৰ মতে, নিশা প্ৰায় ১.৩০ বজাত তেওঁৰ লগতে আন দুজন কনিষ্টবল ৰিতুপন শইকীয়া আৰু অমিত দাসে যশবন্ত পথৰ ভাড়া ঘৰৰ পৰা নিশা জাবৰ পেলাবলৈ ওলাই আহোতে AS01BY0010 নম্বৰৰ গাড়ীখনে তেওঁলোকক খুন্দিয়াই যাবৰ উপক্ৰম হয় ৷ গাড়ী ভালকৈ চলাবলৈ কোৱাত ড্ৰাইভাৰে কনিষ্টবল কেইজনক উভতি ধৰাৰ লগতে গেং লৈ আহি পিটিম বুলি ধমকি দি যায় ৷

কিছু সময় পাছত ১০-১২ জন যুৱকে দুখন চাৰিচকীয়া বাহনত আহি কনিষ্টবল কেইজনক লাঠি, শিল আদিৰে প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰে আৰু গাড়ীৰে চেপি হত্যাৰ চেষ্টা চলায় ৷ ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা -২৭৯/১৪৩/৩২৫/৩০৭/৫০৬ মতে পানবজাৰ থানাত এই সংক্ৰান্তত এক গোচৰ ৰুজু কৰা হৈছে – গোচৰ নং ৫৯৯/২১ |

উক্ত গোচৰত গ্ৰেপ্তাৰ কৰা লোককেইজন –
১/ অনুভৱ পাণ্ডে (২৩ বছৰ)
খাৰঘুলি/উজানবজাৰ
২/ প্ৰমোদ দাস(২৩)
জ্যোতিনগৰ ,চান্দমাৰী
৩/ নীৰজ দত্ত(২২)
নৱগিৰী পথ,চান্দমাৰী
৪/ হিমাংশু চৌধুৰী(23)
ৰিহাবাৰী ,পানবজাৰ
৫/অংকুৰ জ্যোতি ৰয়(২২)
পানবজাৰ
৬/গীত শংকৰ মজুমদাৰ(২৩)
ৰানীবাৰী ৷

পানবজাৰ থানাই তেওঁলোকক আজি আদালতলৈ প্ৰেৰণ কৰে ।

Exit mobile version