“এনচিবি-ৰ মাদক কাণ্ডত ফচোৱা হৈছে আৰিয়ানক !” মুম্বাইৰ ব্যৱসায়ীৰ চাঞ্চল্যকৰ দাবী

2021 10largeimg 178462424

আৰিয়ান কাণ্ডত চাঞ্চল্যকৰ দাবী কৰিলে মুম্বাইৰ এজন ব্যৱসায়ীয়ে । তেওঁ কয় যে, এনচিবি-ৰ মাদক কাণ্ডত ফচোৱা হৈছে শ্বাহৰুখ পুত্র আৰিয়ান খানক ।এই ঘটনাত আৰিয়ানক যি ‘ফ্রেম আপ’ কৰা হৈছে সেই বিষয়ে তেওঁ আগৰ পৰাই জানিছিল ।

তিনি অক্টোবৰত গ্রেপ্তাৰৰ তিনি সপ্তাহ জেলত কটোৱাৰ পাছত আৰিয়ানে (২৩) উচ্চ আদালতৰ পৰা জামিন লাভ কৰিছিল । ইয়াৰ পাছতেই আজি ব্যৱসায়ী বিজয় পাগাৰে মাৰাঠি সংবাদ সংস্থাৰ আগত দাবী কৰে, অর্থ উপার্জনৰ বাবে কিছুসংখ্যক লোক এই বিষয়ত জড়িত আছিল । তেওঁ জনায়, এইটো পূর্ব পৰিকল্পিত, লগতে দাবী কৰে যে তেওঁ এই পৰিকল্পনাৰ স’তে জড়িত ব্যক্তিসকলকো চিনি পায়, তাৰে ভিতৰত এনচিবি সাক্ষী কিৰণ গোছাভি যাৰ আৰিয়ানৰ স’তে নিজস্বী ভাইৰেল হৈছিল ।

ইয়াৰ উপৰি, আৰিয়ান খান-কাণ্ডত এইবাৰ সুনীল পেটেলৰ নামো উত্থাপন হৈছে । বিজেপি-ৰ অভিযোগ, এনচিপি-ঘনিষ্ঠ এই সুনীলেই মূল ব্যক্তি । বিজেপি-ক বদনাম কৰিবৰ বাবেই সুনীলক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে এনচিপি নেতাসকলে । ইয়াৰ পূৰ্বে, এনচিবিৰ তৰফৰ পৰা এই গোচৰৰ সাক্ষী প্রভাকৰ ছেলে অভিযোগ কৰিছিল যে, নাৰক’টিক্স কন্ট্র’ল ব্যুৰ’ৰ কিছু কর্মকর্তাই আৰিয়ানক মুকলি কৰাৰ বাবদ অর্থ আদায়ৰ চেষ্টা কৰিছিল ।

ইপিনে, প্রমোদতৰীৰ মাদক গোচৰত এনচিবি কর্মকর্তাসকলৰ বিৰুদ্ধে উৎকোচ লোৱাৰ প্রচেষ্টাৰ অভিযোগ পৰ্যবেক্ষণ কৰিবলৈ গঠিত বিশেষ তদন্ত দল (এসইটি) সোমবাৰে পুনৰ মুম্বাইত আহিব । সাক্ষী প্রভাকৰ ছেল আৰু অন্যান্যসকলৰ অভিযোগৰ তদন্ত কৰিবলৈ এনচিবিৰ ডেপুটি ডিৰেক্টৰ জেনেৰেল জ্ঞানেশ্বৰ সিঙৰ নেতৃত্বত পাঁচজনীয়া সদস্যৰ এছইটি গঠন কৰা হৈছে ।

Exit mobile version