দীপাৱলীত ৰাজ্যত ৮১টা অগ্নিকাণ্ডৰ ঘটনা, শীর্ষত মহানগৰী

দুদিনত সংঘটিত ২৪২টা পথ দুর্ঘটনা

diwali 958x575 1

পােহৰৰ উৎসৱ দীপাৱলীৰ আনন্দ- উল্লাসত মচগুল হৈ থকাৰ সময়তে ৰাজ্যত ৮১টাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে য’ত ঘৰ-ৰেস্তোৰাঁকে ধৰি কে’বা কোটি টকাৰ সম্পত্তি জুইত জাহ যায়।

অগ্নিনির্বাপন আৰু আপদকালীন সেৱা বিভাগৰ পাণবজাৰস্থিত মুখ্য কার্যালয়ে সদৰী কৰা তথ্য অনুসৰি, কালী পূজা আৰু দীপাৱলীৰ দুটা দিনত অর্থাৎ চাৰি নৱেম্বৰত ৰাজ্যত ৪৭টাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হােৱাৰ সমান্তৰালভাৱে কালি পাঁচ নৱেম্বৰতাে ৩৪টাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

উল্লেখ্য যে অগ্নিকাণ্ডৰ ঘটনাৰ অধিকাংশই আতচবাজীৰ দ্বাৰা সংঘটিত ঘটনা বুলি সংশ্লিষ্ট বিভাগে সদৰী কৰিছে এই দুটা দিনত কামৰূপ মহানগৰ জিলাত সর্বাধিক ১৪টা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

সংশ্লিষ্ট বিভাগৰ তথ্য অনুসৰি, চাৰি নৱেম্বৰত ৰাজ্যৰ ২৪ জিলা-মহকুমাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল। ইয়াৰে পাঁচটা কামৰূপ মহানগৰ, চাৰিটা কাছাৰত, তিনিটাকৈ ডিব্ৰুগড়, কামৰূপ গ্রাম্য, নগাঁও, নলবাৰী, শােণিতপুৰ, তিনিচুকীয়া আৰু ওদালগুৰিত, দুটা ধেমাজিত আৰু এটাকৈ বজালী, বাগসা, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গােলাঘাট, হাইলাকান্দি, হােজাই, কোকৰাঝাৰ, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু শদিয়াত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

আনহাতে, শুকুৰবাৰে ১৬ জিলা-মহকুমাত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় আৰু ইয়াৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সর্বাধিক নটা অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। ইয়াৰ উপৰি তিনিচুকীয়াত পাঁচটা, কাছাৰ আৰু ডিব্ৰুগড়ত তিনিটাকৈ, শােণিতপুৰ আৰু গােৱালপাৰাত দুটাকৈ আৰু বৰপেটা, বিশ্বনাথ, চিৰাং, দৰং, যােৰহাট, কোকৰাঝাৰ, লখিমপুৰ, শদিয়া, শিৱসাগৰ আৰু ওদালগুৰিত এটাকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

উল্লেখ্য যে এই অগ্নিকাণ্ডসমূহৰ ভিতৰত ৰঙিয়া, যােৰহাট, নগাঁও, তিনিচুকীয়া আদিত কে’বাটাও বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হােৱা বুলি বিভাগে সদৰী কৰি এই অগ্নিকাণ্ডসমূহত কে’বা কোটি টকাৰ সম্পত্তি জুইত জাহ যােৱা বুলি কয়।

ইফালে, কালীপূজা আৰু দীপাৱলীৰ দুদিনত ৰাজ্যত ২৪২টা পথ দুর্ঘটনা সংঘটিত হয়। ১০৮ মৃত্যুঞ্জয় সেৱাই সদৰী কৰা তথ্য অনুসৰি, এই দুটা দিনত সর্বাধিক শােণিতপুৰ জিলাত ১৯টা পথ দুর্ঘটনা সংঘটিত হয়।

সংস্থাটোৱে প্রকাশ কৰা তথ্য অনুসৰি, চাৰি নৱেম্বৰত ৰাজ্যৰ ২৪খন জিলাত মুঠ ১২৯টা আৰু কালি ২৮খন জিলাত ১১৩টা পথ দুর্ঘটনা সংঘটিত হয়। প্রকাশিত তথ্য মতে, চাৰি নৱেম্বৰত তিনিচুকীয়া আৰু মাজুলীত সর্বাধিক ১০টাকৈ পথ দুর্ঘটনা।

সংঘটিত হােৱাৰ সমান্তৰালভাৱে ধেমাজি-শােণিতপুৰ-গােলাঘাটত নটাকৈ, বাগসা-কামৰূপ গ্রাম্য-নগাঁও-নলবাৰীত আঠটাকৈ, শিৱসাগৰ-কাছাৰত ছটাকৈ, কামৰূপ মহানগৰ-গােৱালপাৰা-মৰিগাঁও জিলাত পাঁচটাকৈ পথ দুর্ঘটনা সংঘটিত হয়।

ইয়াৰ উপৰি কৰিমগঞ্জত চাৰিটা, বৰপেটা-দৰং-যােৰহাট-লখিমপুৰত তিনিটাকৈ, বঙাইগাঁও-ডিব্ৰুগড়ত দুটাকৈ আৰু ধুবুৰী-হাইলাকান্দি-কোকৰাঝাৰত এটাকৈ পথ দুর্ঘটনা সংঘটিত হয়। আনহাতে, শুকুৰবাৰে শােণিতপুৰ জিলাত সর্বাধিক ১০টা, মৰিগাঁৱত নটা আৰু ধেমাজিত আঠটা পথ দুর্ঘটনা সংঘটিত হয়।

ইয়াৰ উপৰি কামৰূপ গ্রাম্য সাতটা, দৰঙত ছটা, বৰপেটা-বঙাইগাঁও-কাছাৰ-গােলাঘাট আৰু যােৰহাটত পাঁচটাকৈ পথ দুর্ঘটনা সংঘটিত হয়।

ফটকা-ফুলজাৰিত অগ্নিদগ্ধ হ’ল অর্ধ-শতাধিক

দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ অর্ধ-শতাধিক লােক ফটকা-ফুলজাৰিৰ দ্বাৰা অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ছজন, নেমকেয়াৰ হাস্পতালত ১৬ জন লােক অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ আছে।

একেদৰে মৃত্যুঞ্জয় সেৱাই ১৩জন লােক অগ্নিদগ্ধ হােৱা বুলি সদৰী কৰিছে। জিএমচিএইছ কর্তৃপক্ষই সদৰী কৰা অনুসৰি, অগ্নিদগ্ধ হৈ চিকিৎসাধীন হৈ থকা ছজনৰ অধিকাংশই চকুত আঘাত পাইছে।

একেদৰে নেমকেয়াৰ হাস্পতালত এগৰাকী কণমানিৰ কাপােৰত চাকিৰ পৰা জুই লগাত আৰু এজন বৃদ্ধৰ ধুতিত চাকিৰ পৰা জুইৰ সূত্রপাত হােৱাত সম্প্রতি অগ্নিদগ্ধ হৈ চিকিৎসাধীন অৱস্থাত আছে। ইয়াৰ উপৰি হাস্পতালখনত চিকিৎসাধীন হৈ থকা অন্য অগ্নিদগ্ধসকল ফটকা-ফুলজাৰিৰ পৰা আহত হােৱা বুলি কর্তৃপক্ষই সদৰী কৰিছে।

Exit mobile version