উত্তৰ কোৰিয়াৰ খেতিপথাৰত সেনাক নিয়োগ ,শস্য চোৰক গুলীয়াবলৈ নিৰ্দেশ কীমৰ

Screenshot 235

নানা ধৰণৰ পাৰমাণবিক যুদ্ধাস্ত্র তৈয়াৰৰে বিশ্বক চমক দি অহা কমিউনিষ্ট দেশ উত্তৰ কোৰিয়াই বিগত কে’বামাহ ধৰি খাদ্যৰ সংকটৰ সন্মুখীন হৈ আহিছে।

প্রকাশিত বাতৰি অনুসৰি দেশখনত খাদ্যৰ ইমানে অভাৱ ঘটিছে যে একাংশ লােকে ভােকৰ তাড়নাত খেতিপথাৰৰ পৰা খাদ্য শস্য চুৰি কৰিবলৈ বাধ্য হৈছে।

এই ধৰণৰ চুৰি কাৰ্য প্ৰতিৰােধ কৰিবলৈ সেনা বিষয়ক শস্য চোৰক দেখা মাত্রকে গুলীয়াবলৈ নির্দেশ দিলে উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে।

প্রকাশিত বাতৰিত উল্লেখ কৰা মতে, ইতিমধ্যে খেতিপথাৰৰ ৰক্ষণাবেক্ষণৰ বাবে কীমে সেনা নিয়ােগ কৰিছে। কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছৰে পৰা উত্তৰ কোৰিয়াই সীমান্ত সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ ফলত বিদেশৰ পৰা বিশেষকৈ চীনৰ পৰা খাদ্য দ্রব্য দেশখনে আমদানি কৰিব পৰা নাই।

পৰিণতিত উত্তৰ কোৰিয়াত খাদ্যৰ যথেষ্ট নাটনি ঘটিছে। তদুপৰি প্রতিকূল বতৰৰ ফলত উত্তৰ কোৰিয়াত খাদ্য শস্যৰ উৎপাদন যথেষ্ট প্রভাৱিত হৈছে। এনে পৰিস্থিতিত দেশখনত কৰ’না কালত এক প্রকাৰৰ দুর্ভিক্ষ লেখীয়া পৰিৱেশ সৃষ্ট হৈছে।

একাংশ লােকে উপায়হীন হৈ খাদ্য শস্য চুৰি কৰিছে। এনে ঘটনা প্রতিবােধ কৰিবলৈ কীমে খেতিপথাৰত সেনাক পহৰাৰ বাবে নিয়ােগ কৰাৰ লগতে চোৰক দেখা মাত্রকে গুলীয়াবলৈকো নির্দেশ দিলে।

উল্লেখ্য যে ১৯৯৪ৰ পৰা ১৯৯৮ৰ সময়ছােৱাত উত্তৰ কোৰিয়াত দুর্ভিক্ষই দেখা দিছিল আৰু সেই সময়ছােৱাত দেশখনৰ ২৩ নিযুত জনসংখ্যাৰ ১০ শতাংশৰ ক্ষুধাত মৃত্যু হৈছিল।

Exit mobile version