Jair Bolsonaro : ব্রাজিলত সন্মান ত্যাগ ২১ বিজ্ঞানীৰ

merlin 158398290 7b5ce342 6890 47f9 8685 d7543c76a3c4 superJumbo

ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ৰ সিদ্ধান্তৰ প্রতিবাদত বিজ্ঞানৰ ক্ষেত্রত ব্রাজিলৰ সর্বোচ্চ খিতাব ত্যাগ কৰাৰ সিদ্ধান্ত ল’লে দেশখনৰ ২১ জন বিজ্ঞানীয়ে । এখন মুকলি পত্ৰত প্রশাসনক এই সিদ্ধান্তৰ কথা জনাইছে তেওঁলোকে । ব্রাজিলৰ ৰাষ্ট্ৰপতি জাইৰ ব’লছ’নাৰ’ৰ কথাত সন্মতি নজনালেই কোপত পৰে তেওঁলোক, এই দাবী বিজ্ঞানীসকলৰ ।

উল্লেখ্য, ১৯৯২ৰ পৰাই বিজ্ঞান আৰু প্রযুক্তিত গুৰুত্বপূর্ণ অবদানৰ বাবে ‘নেচনেল অর্ডাৰ অৱ ছায়েন্টিফিক মেৰিট’ নামক খিতাব দিয়া হয় ব্রাজিলৰ গৱেষক আৰু বিজ্ঞানীসকলক ।

যোৱা বুধবাৰে ব্ৰাজিলৰ ২৫ জন কৃতী বিজ্ঞানী আৰু ৰাষ্ট্ৰীয় ব্যক্তিত্বক এই সন্মানৰ বাবে মনোনীত কৰে ব’লছ’নাৰ’ৰ প্রশাসনে । কিন্তু ঠিক তাৰ দুদিন পাছতেই, অর্থাৎ শনিবাৰে সেই তালিকাৰ পৰা দুই বিজ্ঞানীৰ নাম প্ৰত্যাহাৰ কৰে ৰাষ্ট্ৰপতিয়ে । এই দুজন যথাক্রমে ডক্টৰ মার্কাছ লেছার্ডা আৰু ডক্টৰ এডেল বেনজাকেন । কৰ’না অতিমাৰীৰ প্রাক কালত ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ হাইড্রক্সিক্লোৰ’কুইন ঔষধৰ ব্যৱহাৰৰ বিষয় উত্থাপন হোৱাৰ সময়ত, ব’লছ’নাৰ’ সেই ঔষধৰ অন্যতম সমর্থক আছিল । সেই সময়ত বিজ্ঞানী লেছার্ডাই এটা গৱেষণাপত্র প্রকাশ কৰি জনায় যে ক’ভিডৰ বিৰুদ্ধে যুঁজ দিবলৈ ক্লোৰ’কুইন ৰাষ্ট্ৰীয় ঔষধ কার্যকৰী নহয় । তাৰ পাছতেই তেওঁৰ ওপৰত সৰৱ হয় ব’লছ’নাৰ’ প্রশাসন ।

আনহাতে, ২০১৯ত ব্রাজিলৰ স্বাস্থ্য মন্ত্রণালয়ৰ এইছআইভি/এইডছ দপ্তৰৰ ডিৰেক্টৰৰ পদৰ পৰা পদচ্যুত কৰা হয় বিজ্ঞানী বেনজাকেনক । তেওঁৰ অপৰাধ আছিল, ৰূপান্তৰকামীসকলৰ স্বাস্থ্য সন্দৰ্ভত তেওঁৰ দপ্তৰে এটা পেমফ্লেট প্রকাশ কৰিছিল । তাৰ পাছৰ পৰাই বাওঁপন্থী ৰাষ্ট্ৰপতিৰ অপছন্দৰ তালিকাত অন্তৰ্ভুক্ত হয় তেওঁলোক । সেই অপছন্দৰেই ‘ফল’ হিচাপে শনিবাৰে সন্মানৰ তালিকাৰ পৰা বাদ পৰে তেওঁলোক ।

খবৰটো পোৱা মাত্রকে ২১ জন বিজ্ঞানীয়ে সন্মান ত্যাগ কৰাৰ সিদ্ধান্ত লয় । পত্ৰত তেওঁলোকে জনাইছে, বিজ্ঞান, প্রযুক্তি আৰু নতুন আৱিষ্কাৰৰ ওপৰত পুনৰ নির্লজ্জ আক্রমণ কৰিলে ব্রাজিলৰ ৰাষ্ট্ৰপতিয়ে । দীর্ঘদিন ধৰি বিজ্ঞানীসকলৰ সমালোচনা আৰু প্রতিবাদৰ কেন্দ্রে তেওঁ ।

Exit mobile version