Visa : বিশ্বৰ ৫৮ দেশত আপুনি ভ্ৰমণ কৰিব পাৰে ভিছা অবিহনে

passport visa stamp 800x450 1

বিদেশ ভ্রমণ কৰিবলৈ পাছপ’র্ট, ভিছাৰ প্ৰয়োজন । কিন্তু এজন ভাৰতীয়‌ই ভিছা অবিহনে বহু দেশত যাব পাৰে । বিশ্বৰ মুঠ ৫৮খন দেশত ভিছা অবিহনে অথবা প্ৰৱেশৰ পাছত ভিছাৰ সুবিধা লাভ কৰে ভাৰতীয়সকলে । প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কাৰ্যকালত বিশ্ব পাছপ’র্ট সূচকত ভাৰতৰ স্থান তলত নামিলেও ভিছা অবিহনে যাব পৰা দেশৰ সংখ্যা বাঢ়িছে । ২০১৩ত এনে দেশৰ সংখ্যা আছিল ৫২খন । সম্প্ৰতি আৰু ছখন দেশ এই তালিকাত অন্তৰ্ভুক্ত হৈছে ।

২০১১ত ১৯৯ দেশৰ ভিতৰত ভাৰতীয় পাছপ’র্টৰ স্থান আছিল ৭৮ নম্বৰ । ২০২১ত বৃদ্ধি পাইছে ৯০লৈ । কোন দেশেৰ পাছপ’র্টৰ গুৰুত্ব কিমান, সেয়া নির্ভৰ কৰে সেই দেশৰ নাগৰিকসকলে ভিছা অবিহনে কিমান দেশত যাব পাৰে তাৰ ওপৰত । বিগত সাত বছৰত ভাৰতে তেনে দেশৰ সংখ্যা ছখনলৈ বৃদ্ধি কৰিলেও অন্যান্য দেশে এই ক্ষেত্ৰত যি হাৰত উন্নতি দেখুৱাইছে, সিমান কৰা নাই ভাৰতে । সেয়ে বিশ্ব পাছপ’র্ট সূচকত ৭৮ৰ পৰা ৯০-ত নামিছে ভাৰতীয় পাছপ’র্ট ।

কোনো দেশৰ পাছপ’র্টৰ গুৰুত্ব বা শক্তি কিমান সেয়া জানিব পাৰি ‘দ্য হেনলি পাছপ’র্ট ইনডেক্স’ৰ পৰা । মূলত ইন্টাৰনেছনেল এয়াৰ ট্রান্সপ’র্ট এছ’চিয়েচন (আইএটিএ)য়ে এই সূচক তৈয়াৰ কৰে । তালিকাত ১৯৯ দেশৰ ভিতৰত আটাইতকৈ ওপৰত আছে জাপান আৰু ছিংগাপুৰ । এই দুই দেশৰ নাগৰিকসকল ১৯৯-ৰ ভিতৰত ১৯৩ দেশতেই ভিছা অবিহনে ভ্ৰমণ কৰিব পাৰে । দ্বিতীয় স্থানত জার্মানী আৰু দক্ষিণ কোৰিয়াৰ ক্ষেত্রত দেশৰ সংখ্যা ১৯০খন । তৃতীয় স্থানত আছে চাৰিখন দেশ ফিনলেণ্ড, ইটালী, লুক্সেমবার্গ আৰু স্পেইন । ওই দেশবোৰৰ নাগৰিকসকলে ভিছা অবিহনে ১৮৯ দেশত যাব পাৰে । এই তালিকাৰ শেষত ১১৬ নম্বৰত আছে আফগানিস্তান । তাৰ কিছু আগত ১১৩-ত পাকিস্তান । ১০৮-ত বাংলাদেশ ।

ভিছা অবিহনেই ভাৰতীয়সকলে যাব পাৰে ওছিয়ানিয়া অন্তর্ভুক্ত দেশ কুক দ্বীপপুঞ্জ, নিউৱে, ভানুয়াতু, মাক্রোনেছিয়া আৰু ফিজিত । প্ৰৱেশৰ পাছত ভিছা ল’ব পাৰে মার্ছেল দ্বীপপুঞ্জ, পালাউ দ্বীপপুঞ্জ টুভালু আৰু সামোয়াত । পশ্চিম এছিয়াৰ দেশৰ ভিতৰত কাতাৰত যাবলৈ ভিছাৰ প্ৰয়োজন নাই । ইৰান আৰু জর্ডনত প্ৰৱেশ কৰি ভিছা ল’ব লাগে ভাৰতীয়সকলে । ইউৰোপৰ আলবেনিয়া আৰু সার্বিয়াত যাবলৈ ভিছাৰ প্রয়োজন নাই । কেৰিবিয়ান দেশবোৰৰ ভিতৰত এই সংখ্যা বেচ ভাল । বাৰবাডোজ, ব্রিটিছ ভাৰ্জিন দ্বীপপুঞ্জ, ডোমিনিকা, গ্রেনাডা, হাইতি, জামাইকা, মন্তসেৰাট, চেন্ট কিটছ এণ্ড নেভিছ, চেন্ট ভিনচেন্ট এণ্ড দ্য গ্রেনাডিজ, ত্রিনিদাদ এণ্ড টোবাগো যাবলৈ ভিছাৰ প্ৰয়োজন নাই । দেশত প্ৰৱেশ কৰি ভিছা ল’ব লাগে চেন্ট লুসিয়াত ।

এছিয়া মহাদেশৰ ভিতৰত প্রতিবেশী ভূটান, নেপালাৰ উপৰিও ভিছা নালাগে মেকাও আৰু ইন্দোনেছিয়া যাবলৈ । দেশত প্ৰৱেশ কৰি ভিছা পোৱা যায় কম্বোডিয়া, লাওছ, মলদ্বীপ, ম্যানমাৰ, শ্রীলংকা, টিমৰ-লেছটত আৰু থাইলেণ্ডত । আমাৰিকাৰ বলিভিয়াত গৈ ভিছা বনাব লগা হয় আৰু এল ছালভাডোৰ যাবলৈ ভিছাৰ প্ৰয়োজন নাই । আফ্রিকা মহাদেশৰ বৎছোয়ানা, কেপ ভার্ডে দ্বীপপুঞ্জ, কোমোৰেছ দ্বীপপুঞ্জ, ইথিওপিয়া, গাবোন, গেনিয়া বিছাউ, মাদাগাস্কাৰ, মৌৰিছিনিয়া, মোজাম্বিক, ৰাৱাণ্ডা, ছেশেলছ, ছিয়েৰা লিওন, ছোমালিয়া, উগাণ্ডা, জিম্বাবোৱে টোগো, তানজিনিয়াত গৈ ভিছা তৈয়াৰ কৰিব পাৰি । মৰিছাছ, টিউনিছিয়া, ছেনেগাল যাবলৈ ভিছাৰ প্ৰয়োজন নাই ।

Exit mobile version