অসম দক্ষতা বিকাশ মিচন ওদালগুৰি আৰু জিলা দক্ষতা সমিতি ওদালগুৰিৰ উদ্যোগত আজি ওদালগুৰি মহাবিদ্যালয় প্ৰেক্ষাগৃহত “সংকল্প” নামৰ এক কৰ্মশালা অনুষ্ঠিত হৈ যায় । মুখ্য অতিথি হিচাপে উপস্থিত থাকি বন্তি প্ৰজ্বলনেৰে কৰ্মশালাখন আৰম্ভ কৰে বিটিচিৰ উপমুখ্য কাৰ্যবাহী সদস্য তথা ওদালগুৰিৰ স্থানীয় বিধায়ক গোবিন্দ চন্দ্ৰ বসুমতাৰীয়ে । কৰ্মশালাখনিৰ আদৰণি ভাষণ পাঠ কৰে ওদালগুৰিৰ প্ৰকল্প সঞ্চালক ভাস্কৰজ্যোতি বৰুৱাই ।
কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ‘সংকল্প’ৰ বিষয়া পিংকু চৌধুৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, “আমি দক্ষতা বিকাশৰ বাবে কাম কৰি আহিছো । নতুন প্ৰজন্মৰ মাজত দক্ষতাৰ বিকাশ সাধন কৰাটোৱেই হৈছে আমাৰ মূল লক্ষ্য । অসমত এহেজাৰৰো অধিক আমাৰ প্ৰশিক্ষণ কেন্দ্ৰ আছে যিবোৰত দক্ষতা বিকাশৰ প্ৰশিক্ষণ দিয়া হয় । অৱশ্যে কিছুসংখ্যক কেন্দ্ৰত প্ৰশিক্ষণ কাৰ্য শেষ হোৱাত এতিয়াও ৰাজ্যত ছয়শ মান প্ৰশিক্ষণ কেন্দ্ৰ সক্ৰিয় আছে ।”
কৰ্মশালাখনত উপস্থিত থাকি নিজৰ ভাষণত ওদালগুৰি জিলাৰ মাজবাটৰ শ্ৰম পৰিদৰ্শক বিষয়া ডেইটি ৰায়চৌধুৰীয়ে কয়, “আন্তঃগাথঁনি উন্নয়নেই হৈছে এটা অঞ্চলৰ উন্নয়ন । ওদালগুৰিৰ ভিন্ন প্ৰান্তত বহু দক্ষতা সম্পন্ন লোক আছে । কিন্তু উপযুক্ত সুযোগৰ অভাৱত এইসকল লোকে আগুৱাই আহিব পৰা নাই । সেইসকল লোকক অধিক প্ৰশিক্ষণেৰে আকৌ আগুৱাই নিব পৰা যাব । এটা অঞ্চলৰ লোক বা নতুন প্ৰজন্মক কোন পথেৰে নি বা কি বিষয়ত প্ৰশিক্ষণ দিব পৰা যাব সেই সম্পৰ্কে এনেবোৰ প্ৰশিক্ষণত ব্যাখ্যা কৰা হয় । গতিকে উপস্থিত সকলোৱে প্ৰশিক্ষণটো সম্পূৰ্ণকৈ লোৱা উচিত । প্ৰশিক্ষণ এটা সম্পূৰ্ণ নকৰিলে তাৰ মূল্য পোৱা নাযায় । গতিকে কেৱল প্ৰশিক্ষণত লক্ষ্য দিহে আমি আগবাঢ়ি যাব লাগে ।”
কৰ্মশালাখনিত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ওদালগুৰিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ দাস বড়োৱে নিজৰ জীৱনৰ বিষয়ে উল্লেখ কৰি উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক কেনেদৰে জীৱনত আগুৱাব পাৰি সেই সম্পৰ্কে উল্লেখ কৰে । নিজৰ খলা-বমা জীৱনত হতাশ নহৈ পৰৱৰ্তী সময়ত নিজৰ লক্ষত উপনীত হোৱাৰ বিষয়ে তেওঁ প্ৰশিক্ষাৰ্থীসকলৰ সন্মুখত ব্যাখ্যা আগবঢ়ায় ।
ইফালে, কৰ্মশালাখনিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি গোবিন্দ বসুমতাৰীয়ে নিজৰ ভাষণ প্ৰসংগত কয়, “যিসকলে প্ৰশিক্ষণ ল’বলৈ আহিছে তেওঁলোকে মন দি প্ৰশিক্ষণ লওক । সমাজে কেৱল চাকৰিৰ ওপৰতহে নিৰ্ভৰ কৰে । কিন্তু এতিয়া সময় সলনি হৈছে । কেৱল চাকৰিৰ পিছত নদৌৰি নতুন প্ৰজন্মক হাতে-কামে জীৱিকাৰ পথ লোৱাৰ বাবে আগবঢ়াই দিয়া প্ৰয়োজন । নতুন প্ৰজন্ময়ো এই ক্ষেত্ৰত ওলাই আহিব লাগিব । আমি জংঘলত থকা অৱস্থাতেই ৰঞ্জন দৈমাৰীৰ সহায়ত ওদালগুৰিৰ ১১ জনীয়া এটা দলক আমজুলিত চাহ খেতিৰ বাবে উৎসাহিত কৰিছিলো । তেওঁলোক চাহ খেতিত সফল হোৱাৰ পাছতেই উৎসাহিত হৈ বহু লোকে চাহ খেতিৰ বাবে আগবাঢ়ি আহে ।”
তেওঁ লগতে কয়, “বৰ্তমান ওদালগুৰি অঞ্চলতে সাত হেজাৰ হেক্টৰলৈ চাহ খেতি বৃদ্ধি পালে । আমি কেৱল চাকৰিৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। নিজে হাতে-কামে কৰি জীৱিকাৰ পথ হাতত ল’ব লাগে । বিভিন্ন জীৱিকাৰ জৰিয়তে বৰ্তমানেও বহু যুৱকে স্বাৱলম্বীতাৰ মুখ দেখিছে । এনে প্ৰশিক্ষণৰ জৰিয়তে আমি আমাৰ প্ৰাক্তন এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বিষয়টোও জৰিত হৈ আছে । গতিকে এনে প্ৰশিক্ষণৰ জৰিয়তে প্ৰাক্তন কেডাৰসকলে চৰকাৰৰ পৰা লাভ কৰা ঋনৰ ধন উচিত কামত ব্যৱহাৰ হ’ব ।”
সভাৰ অন্তত ৰঞ্জন কুমাৰ বৰুৱাই প্ৰশিক্ষাৰ্থীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰে । এই প্ৰশিক্ষণ কৰ্মশালাত কে’বা শতাধিক বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী উপস্থিত থাকে ।