প্ৰতিদিনে আমলখি খায় ?চাওক কি কি ৰোগ নিৰাময় কৰাত সহায়ক এই আমলখি

Amla Juice 898

★মুৰ কামোৰণিত: আমলখিৰ ৰস বগা চন্দনৰ লগত মিহলি কৰি কপালত সানিলে মুৰ কামোৰণি ভাল হয়।

★চুলি সৰা: কেইটামান আমলখি থেতেলিয়াই এৰাতি মুৰত বান্ধি ৰাখিলে চুলি সৰা বন্ধ হয়।

★স্বপ্নদোষ দুৰ কৰিবলৈ: প্ৰতিদিনে ৰাতিপুৱা দুটা আৰু গধুলি দুটাকৈ আমলখি কেইদিনমান একেৰাহে খাব লাগে।

★সাধাৰণ বিষ: এচামুচ আমলখি ৰসৰ লগত আধা গিলাচ পানী মিহলি গাখীৰ মিশ্ৰণ কৰি দিনে দুবাৰকৈ খালেই সাধাৰণ বিষ-কোব নাইকিয়া হয়।

★দৃষ্টিশক্তি বৃদ্ধিৰ কাৰণে: নিয়মীয়াকৈ দুটা বা তিনিটা আমলখিৰ ৰস মৌৰ লগত ৰাতিপুৱা খালে দৃষ্টিশক্তি বৃদ্ধি পায়।

★ ছাল নিমজ কৰিবলৈ: প্ৰতিদিনে চাৰি/পাঁচ টা আমলখি খালে অতি চমৎকাৰ ফল পোৱা যায়।

★মগজুৰ দুৰ্বলতা নাশ কৰিবলৈ: আমলখি প্ৰতিদিনে চাৰি /পাঁচ টাকৈ খোৱা উচিত।

★উচ্চ ৰক্তচাপৰ কাৰণে: আমলখি মিচিৰিৰ স’তে খালে এই ৰোগৰ পৰা উপশম পোৱা হয়।

★ হৃদৰোগ: আমলখিৰ ৰস পাঁচ-ছয় চামুচ আধা গিলাচ গৰুৰ গাখীৰৰ লগত মিহলাই নিয়মিত খালে এই মাৰাত্মক ৰোগ ভাল হয়।

★ পেলু আৰু কৃমি নাশক : কেঁচা আমলখিৰ দিনে ১০ গ্ৰামকৈ একেৰাহে তিনি দিন ৰাতিপুৱা শুদা পেটত খালেই পেলু আৰু কৃমি মৰে।

Exit mobile version