বর্জনৰ আহ্বান পাছতো তিনিদিনত ৮০ কোটিৰ ব্যৱসায় ‘সূৰ্য্যবংশী’ৰ

sooryavanshi 3 1636352589

পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকে ৰােহিত ছেট্টী পৰিচালিত আৰু অক্ষয় কুমাৰ, কেটৰিণা কাঈফ অভিনীত সদ্যমুক্তিপ্রাপ্ত হিন্দী ছবি ‘সূর্যবংশীৰ বিৰােধিতাৰে সামাজিক মাধ্যমত বয়কট সূর্যবংশী’ নামৰে অভিযান অব্যাহত ৰাখিছে।

ADVERTISEMENT

ইতিমধ্যে পঞ্জাৱত একাধিক চিত্ৰগৃহত আক্রমণ চলাই প্রতিবাদী কৃষকে ছবিখনৰ প্রদর্শন বন্ধ কৰি দিছে। কিন্তু কৃষকৰ এনে প্রতিবাদী পদক্ষেপ আৰু বৰ্জনৰ আহ্বানৰ পাছতাে বক্স অফিচত অপ্রতিবােধ্য প্রমাণিত হৈছে ‘সূর্যবংশী।

শুকুৰবাৰে চিত্ৰগৃহত মুক্তি লাভ কৰা অক্ষয় অভিনীত এইখন ছবিয়ে দেওবাৰলৈকে তিনিদিনত ৮০ কোটি টকাৰাে অধিক ব্যৱসায় কৰিলে।

মুক্তিৰ দিনাই ছবিখনে ২৬.২৯ কোটি টকাৰ ব্যৱসায় কৰিছিল। শনিবাৰে ছবিখনে বক্স অফিচত ২৩.৮৫ কোটি টকা সংগ্রহ কৰিছিল। দেওবাৰে ‘সূর্যবংশীয়ে পুনৰ ২৬.৯৪ কোটি টকাৰ ব্যৱসায় কৰে।

চলচ্চিত্র বাণিজ্যিক বিশ্লেষকৰ মতে, ‘সূর্যবংশী’য়ে সােমবাৰৰ দিনটোত বক্স অফিচত এশ কোটি টকাৰ ব্যৱসায়ৰ অভিলেখ কৰাৰ যথেষ্ট সম্ভাৱনা আছে।

ভাৰতৰ লগতে আমেৰিকা, কানাডা, আৰব, অষ্ট্রেলিয়া, ব্রিটেইনতাে ‘সূর্যবংশী’য়ে দুদিনত ১৬.৬৮ কোটি টকাৰ ব্যৱসায় কৰিলে।

উল্লেখ্য যে পৰিচালক ৰােহিতে সিংঘম, সিংঘম-২ আৰু ছিম্বাৰ পাছত আৰক্ষীৰ কাহিনীৰে অক্ষয়ক লৈ চতুর্থখন ছবি ‘সূর্যবংশী’ নির্মাণ কৰিছে। পূর্বৰ তিনিখন ছবিয়ে বক্স অফিচত সফলতা অর্জন কৰিছিল।

Exit mobile version