গুৱাহাটী আহি পালে বি আৰ অ’ৰ ৭৫ দিনীয়া মটৰ চাইকেল ৰেলী

তেজপুৰলৈ যাত্ৰা আৰম্ভ, ৭৫ দিনত ৭৫ জনে অতিক্ৰম কৰিব ২০ হেজাৰ কিঃমিঃ

দেশৰ স্বাধীনতাৰ ৭৫ সংখ্যক বর্ষপূৰ্তিৰ লগত সংগতি ৰাখি পালন কৰি অহা “আজাদি কা অমৃত মহোৎসৱ” উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ অধীনৰ সীমান্ত পথ সংগঠন চমুকৈ বি আৰ অ’ই ১৪ অক্টোবৰত নতুন দিল্লীৰ পৰা দেশজুৰি আৰম্ভ কৰিছিল মটৰ চাইকেল ৰেলী । ৭৫ দিনত ২০,০০০ কিলোমিটাৰ এই যাত্ৰা পথ অতিক্ৰম কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা ৰেলীত বি আৰ অ’ৰ বিভিন্ন পদমৰ্যাদাৰ ৭৫ জন বিষয়া, জুনিয়ৰ কমিচণ্ড বিষয়া, নন কমিচণ্ড বিষয়াই ভাগ লৈছে । ৰেলীত ভাগ লোৱা মটৰ চাইকেল ৰাইডাৰসকলে ভাগে ভাগে দেশৰ দুৰ্গম স্থান সমূহলৈ যাত্ৰা কৰিছে ।

এই ৰেলীত ভাগ লোৱা ১৫ জনীয়া এটা দলে কালি সন্ধিয়াৰ ভাগত পশ্চিমবংগৰ হাচিমাৰাৰ পৰা প্ৰায় ৩৪০ কিলোমিটাৰ যাত্ৰা পথ অতিক্ৰম কৰি গুৱাহাটীৰ লংকেশ্বৰত থকা বি আৰ অ’ৰ পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত আহি উপস্থিত হয় । নিশাটো পূৱ মণ্ডল মুখ্য কাৰ্যালয়ত থকাৰ পাছত দলটোৱে আজি পুৱা তেজপুৰলৈ যাত্ৰা কৰে । পুৱা পতাকা জোকাৰি তেজপুৰ অভিমুখে যোৱা দলটোৰ যাত্ৰা আৰম্ভ কৰে বি আৰ অ’ৰ পূৱ মণ্ডলৰ ভাৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান ( ডি ডি জি ) শ্যামন্ত ৰায়ে ।

তেজপুৰৰ পৰা দলটোৱে অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্ত অভিমুখে যাত্ৰা কৰিব । দলটোত দুজন কমিচণ্ড বিষয়া, এজন জুনিয়ৰ কমিচণ্ড বিষয়া আৰু ১০ জন নন কমিচণ্ড তথা অন্যান্য পদবীৰ কৰ্মচাৰীয়ে ভাগ লৈছে । উল্লেখযোগ্য যে অহা ২৭ ডিচেম্বৰত এই ৭৫ দিনীয়া যাত্ৰাৰ সামৰণি পৰিব বুলি বি আৰ অ’ৰ সূত্ৰত প্ৰকাশ ।

Exit mobile version