অসমৰ পৰাও দেখা যাব শতিকাৰ দীর্ঘতম চন্দ্রগ্রহণ

x1ee 1636462660.jpg.pagespeed.ic .5StaavcKqS

এই মাহতে পৃথিৱীবাসী সাক্ষী হ’ব চলিত শতিকাৰ সবাতােকৈ দীর্ঘস্থায়ী চন্দ্রগ্রহণৰ। অহা ১৯ নৱেম্বৰত হ’বলগীয়া এই গ্রহণ অৱশ্যে পূর্ণগ্রাস নহয়, এই গ্রহণ হ’ব আংশিক। অর্থাৎ ঢাক খাব চন্দ্ৰৰ ৯৭ শতাংশ। এই আশ্বর্যকৰ মহাজাগতিক দৃশ্য সবাতােকৈ ভালদৰে দেখা যাব উত্তৰ আমেৰিকাৰ পৰা।

কার্তিক পূর্ণিমাৰ দিনা সেই গ্রহণ ভাৰতৰ পৰাও প্রত্যক্ষ হ’ব। সেই দৃশ্য চোৱাৰ সৌভাগ্য ঘটিব অসমবাসীৰাে। তথ্য অনুসৰি, সেইদিনা পৃথিৱীয়ে আহি সূর্য আৰু চন্দ্ৰৰ মাজভাগত উপস্থিত হ’ব। ফলত সূৰ্যৰ পােহৰৰ পৰিৱর্তে চন্দ্ৰত পৰিব পৃথিৱীৰ ছাঁ। সেই ছাঁ পৰাৰ লগে লগে আৰম্ভ হ’ব গ্রহণ।

কেৱল ১৯ নৱেম্বৰেই নহয়, ‘টাইম জ’ন’ৰ হিচাপত ১৮ নৱেম্বৰতাে পৃথিৱীৰ কিছু কিছু দেশত গ্রহণ দেখা যাব। নাছাৰ তৰফৰ পৰা জনােৱা হৈছে যে ভাৰতীয় সময় দুপৰীয়া ১-৩০ বজাত গ্রহণ চৰম পৰ্যায়ত উপনীত হ’ব। দিনৰ পােহৰ থকাৰ বাবে স্বাভাৱিকভাৱেই ভাৰতৰ পৰা সেই গ্রহণ চোৱাটো সম্ভৱ নহ’ব।

পৰৱৰ্তী সময়ত অৱশ্যে অন্ধকাৰ নামি অহাৰ সময়ত অসম আৰু অৰুণাচল প্রদেশৰ দৰে দেশৰ কিছু অংশৰ পৰা এই গ্রহণ দৃশ্যমান হ’ব। তথাপি অতি কম সময়ৰ বাবেহে সেই গ্রহণ দেখা যাব। এই দীর্ঘস্থায়ী গ্রহণ উত্তৰ আমেৰিকাৰ পৰা সবাতােকৈ ভালদৰে দেখা যাব।

আমেৰিকাৰ ৪০খন প্রদেশ আৰু মেক্সিকোৰ পৰা গ্ৰহণৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ থাকিব মহাকাশপ্রেমীসকলে। ইয়াৰ উপৰি অষ্ট্রেলিয়া, পূৱ এছিয়া, উত্তৰ ইউৰােপ আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলৰ পৰাও এই চন্দ্রগ্রহণ দৃশ্যমান হ’ব। নাছাই জনাইছে যে এই গ্রহণ থাকিব তিনি ঘণ্টা ২৮ মিনিট ২৩ ছেকেণ্ড।

২০০১ৰ পৰা ২১০০ পর্যন্ত এইটোৱেই হ’ব শতিকাটোৰ দীর্ঘতম চন্দ্রগ্রহণ। এই এশ বছৰত মুঠ ২২৮টা চন্দ্রগ্রহণ দেখা যাব। ইয়াৰ ভিতৰত বহু ক্ষেত্ৰত এমাহতে দুবাৰ পর্যন্ত চন্দ্রগ্রহণ হ’ব। আনকি এমাহত তিনিবাৰাে চন্দ্রগ্রহণ হ’ব পাৰে। উল্লেখ্য যে বিগত মে’ত ভাৰতৰ পৰা শেষবাৰলৈ চন্দ্রগ্রহণ দেখা গৈছিল।

Exit mobile version