কৰিমগঞ্জৰ শোকাৱহ পথ দুৰ্ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ

download 1

কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিৰ বৈঠাখালত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাত ১০ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাবলগীয়া ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ গভীৰ শোক প্ৰকাশ৷ শোকসন্তপ্ত পৰিয়ালসমূহলৈ মুখ্যমন্ত্ৰীৰ গভীৰ সমবেদনা৷

নিহত প্ৰতিগৰাকী ব্যক্তিৰ নিকটাত্মীয়লৈ এক লাখ টকাকৈ এককালীন সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ৷

আহতসকলক প্ৰয়োজনীয় চিকিৎসাসেৱাৰ বাবে সকলো যাৱতীয় পদক্ষেপ ল’বলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷

Exit mobile version