৫২তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ আইমী বৰুৱাৰ ছবি “চেমখৰ”

প্ৰথমগৰাকী অসমীয়া মহিলা পৰিচালকৰ ছবি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ

IMG 8292 1

৫২তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হোৱা ১৫খন ছবিৰ তালিকাত অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা পৰিচালিত আৰু অভিনীত ডিমাচা ছবি ‘চেমখৰ’ অন্তৰ্ভূক্ত হৈছে । উল্লেখযোগ্য যে এইবাৰ বিশ্বৰ প্ৰায় আঢ়ৈ হেজাৰ ছবিৰ ভিতৰত ৫২তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি)-ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে ভাৰতৰ পৰা ‘চেমখৰ’সহ মুঠ তিনিখন ছবি নিৰ্বাচিত হৈছে ।

এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ফিনলেণ্ড, পাৰাগুৱে, ৰোমানিয়া, জাপান, বাংলাদেশ আদি দেশৰ ছবিৰ স’তে অসমৰ ‘চেমখৰ’-এ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব । আনহাতে, “চেমখৰ” হৈছে অসমৰ প্ৰথমখন মহিলা পৰিচালকে নিৰ্মাণ কৰা ছবি যিখন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰতিযোগিতাত সোমাবলৈ সক্ষম হৈছে ।

উল্লেখযোগ্য যে অহা ২০ৰ পৰা ২৮ নৱেম্বৰলৈ গোৱাত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ৰ চলচ্চিত্ৰ সমাৰোহ সঞ্চালকালয় আৰু গোৱা চৰকাৰৰ উদ্যোগত ৫২তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ইফি) অনুস্থিত হ’ব আৰু অসমৰ কে’বাখনো ছবি এই মহোৎসৱৰ ভাৰতীয় পেন’ৰমা শিতানত নিৰ্বাচিত হৈছে ।

Exit mobile version