ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব নোৱাৰি জাগীৰোড কাগজ কলত কৰ্মচাৰীৰ মৃত্যু

ধনৰ অভাৱত বিনা চিকিৎসাই এতিয়ালৈ মৃত্যুক আকোৱালী লৈছে কাগজ কলৰ ৯৭ জন কৰ্মচাৰীয়ে

IMG 20211113 WA0022

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে নগাঁও আৰু কাছাৰ কাগজ কল দুটাৰ ক্ষেত্রত গ্ৰহণ কৰি থকা আওকণীয়া মনোভাবৰ বাবে কৰ্মৰত শ শ কৰ্মচাৰীৰ জীৱনলৈ অন্ধকাৰ নমাই অনাৰ লগতে ধনৰ অভাৱত ইজনৰ পাছত সিজন কৰ্মচাৰীয়ে অকাল মৃত্যুক সাৱতী লবলগীয়া হোৱা হৃদয় বিদাৰক ঘটনাই মানৱতাৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে।

কাগজ কল দুটাৰ কৰ্মচাৰী তথা শ্ৰমিক সকলৰ জীৱন মূল্যহীন কৰি মানৱ জীৱনক লৈ হেতালি খেলা বৰ্তমান চৰকাৰৰ কাৰ্যকালত এতিয়ালৈকে ৯৭ জন কৰ্মচাৰী আৰু শ্ৰমিকে ধনৰ অভাৱত অকাল মৃত্যুক সাৱতী লব লগীয়াত পৰিছে।

কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে কল দুটাক লৈ খেলি থকা খেলৰ বাবে শেহতীয়াকৈ পুনৰ এজন কৰ্মচাৰীয়ে ধনৰ অভাৱত বিনা চিকিৎসাই মৃত্যু বৰণ কৰিব লগাত পৰিছে।

চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰা কৰ্মচাৰী জন হৈছে গোলাপ মান্তা (৬২)। দীৰ্ঘদিনে জটিল লিভাৰ কেন্সাৰ ৰোগৰ লগতে বিভিন্ন আনুসাঙ্গিক ৰোগত আক্ৰান্ত হৈ চিকিৎসা অভাৱত মান্তাৰে ১১ নবেম্বৰ সন্ধিয়া সাত মান বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অকাল মৃত্যুক সাৱতী লয়।

বিগত ৫৮ মাহে দৰমহাৰ লগতে বাকেয়া,বীমা আদি বিভিন্ন ভাত্তাৰ পৰা বঞ্চিত হৈ এক দূৰ্ভিক্ষ জীৱন অতিবাহিত কৰা কল দুটাৰ কৰ্মচাৰী সকলৰ মাজৰে এতিয়ালৈকে ৯৭ জন কৰ্মচাৰী আৰু শ্ৰমিকে কৰুণ মৃত্যুক সাৱতী লৈছে।

ইয়াৰে চাৰি জন কৰ্মচাৰীয়ে আত্মহত্যা দৰে পথো বাচি লৈছে।এক মাত্ৰ ন্যায়ৰ আশাত অশেষ ধৈৰ্য্য সহকাৰে জীৱন অতিবাহিত কৰা কাগজ কল দুটাৰ এই সকল কৰ্মৰত দূৰ্ভগীয়া কৰ্মচাৰী তথা শ্ৰমিকে কেতিয়া ন্যায় লাভ কৰিব সেইটো বৰ্তমান সময়ত এক বৃহৎ প্ৰশ্ন। উপায়ন্ত দূৰ্ভগীয়া কৰ্মচাৰী তথা শ্ৰমিক সকলে চৰকাৰৰ সিদ্ধান্তলৈ অধিক আগ্ৰহেৰে বাট চাই থাকিবলগীয়াত পৰিছে।

Exit mobile version