স্বাস্থ্যবিভাগৰ হেমাহিৰ বাবে শালবাৰীত দেৱশিশুৰ কৰুণ মৃত্যু

১০৮ সেৱা সময়মতে আহি নোপোৱাত ই-ৰিক্সাৰ ওপৰতে সন্তান প্ৰসৱ

ToddlerFeet750

স্বাস্থ্য বিভাগৰ চুড়ান্ত হেমাহিৰ বাবে বাগসাৰ শালবাৰীত আজি এক হৃদয় বিদাৰক ঘটনা সংঘটিত হয়৷ ১০৮ মৃত্যুঞ্জয় সেৱা সময়মতে আহি নোপোৱাত এটা দেৱশিশুৱে কৰুণ মৃত্যুক আঁকোৱালি ল’ব লগাৰ দৰে কৰুণ ঘটনা সংঘটিত হয়৷

প্ৰাপ্ত অভিযোগ মতে, বাগসাৰ শালবাৰীৰ ডাউকীঝাৰৰ এটা অতি দৰিদ্ৰ পৰিয়ালে আজি ৰাতিপুৱাৰ ভাগত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চক গৰ্ভৱতী এগৰাকী মহিলাক চিকিৎসালয়লৈ নিবৰ বাবে ছয়বাৰকৈ ফোন কৰিও কোনো সঁহাৰি নোপোৱাত অৱশেষত উপায়ন্তৰ হৈ পৰিয়ালৰ লোকে বেটেৰীচালিত ই-ৰিক্সাৰে চিকিৎসালয়লৈ নিবলৈ লওতে জিম্পী বসুমতাৰী নামৰ গৰ্ভৱতী মহিলা গৰাকীয়ে ই-ৰিক্সাৰ ওপৰতে এটি পুত্ৰ সন্তান প্ৰসৱ কৰে যদিও জন্মৰ পাছতেই দেৱশিশুটোৱে কৰুণ মৃত্যুক আঁকোৱালি লয়৷

দিন-হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা শালবাৰীৰ ডাউকীঝাৰৰ চৌমদম বসুমতাৰীৰ পত্নী জিম্পী বসুমতাৰী মাজ নিশাৰ পৰা প্ৰসৱ যন্ত্ৰনাত চটফটাই থকাত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চক ফোন কৰাত কোনো সঁহাৰি নিদিয়াৰ বাবে আজি দেৱশিশুটোৱে কৰুণ ভাৱে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল বুলি চৌমদম বসুমতাৰীৰ লগতে স্থানীয় ৰাইজে অভিযোগ কৰে৷

যদি সময়মতে ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ সেৱা আহি গৰ্ভৱতী মহিলা গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰিলেহেঁতেন তেন্তে দেৱশিশুটো মৃত্যু মুখত নপৰিলেহেঁতেন বুলি বহুতেই মন্তব্য কৰিছে ৷ স্বাস্থ্য বিভাগৰ হেমাহিৰ বিৰুদ্ধে বিভাগীয় ভাৱে উচিত তদন্ত কৰি দোষীক শাস্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজে৷

Exit mobile version