শ্ৰীৰামপুৰত আৰক্ষীয়ে জব্দ কৰা অবৈধ গৰু কঢ়িয়াই অনা চাৰিখন ট্ৰাকত দুৰ্বৃত্তৰ অগ্নি সংযোগ

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ আৰক্ষীয়ে বহিঃৰাজ্যৰ পৰা অবৈধভাৱে চাৰিখন ট্ৰাকত কঢ়িয়াই অনা ৪০ টা গৰু জব্দ কৰাৰ লগতে ট্ৰাক চাৰিখন আৰক্ষীৰ জিম্মাত ৰাখে।

আৰক্ষীৰ জিম্মাত থকা চাৰিখন ট্ৰাকত যোৱা নিশা দূৰ্বৃত্তই অগ্নি সংযোগ কৰাত গাড়ী চাৰিখনৰ সন্মূখৰ অংশ জ্বলি চাই হয়।

আৰক্ষীয়ে খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে।অগ্নি নিৰ্বাপক বাহিনীয়ে আহি জুই নুমুৱায় যদিও গাড়ী চাৰিখনৰ ইঞ্জিন সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

আৰক্ষীয়ে অবৈধ গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ স্হিতি গ্ৰহন কৰাত আৰক্ষীক বদনাম কৰাৰ বাবেই গৰুৰ অবৈধ বেহাৰ লগত জড়িত সকলে এই দুষ্কাৰ্য সংঘটিত কৰিছে বুলি শিমুলটাপু আৰক্ষী চকী ভাৰপ্ৰাপ্ত বিষয়াই প্ৰকাশ কৰে।ঘটনাৰ তদন্ত কৰি দুৰ্বৃত্তক শীঘ্ৰে কৰায়ত্ত্ব কৰিব বুলি আৰক্ষীয়ে সদৰী কৰে।

Exit mobile version