Covaxin : কৰ’না প্ৰতিৰােধত ৭৭.৮ শতাংশ সফল ক’ভাক্সিনঃ ‘লেনচেট’ৰ তথ্য

কৰ’না ভাইৰাছ প্ৰতিৰােধৰ ক্ষেত্ৰত ৭৭.৮ শতাংশ কার্যকৰী প্রমাণিত হ’ল ভাৰত বায়’টেকে তৈয়াৰ কৰা দেশীয় ক’ভিড প্রতিষেধক ক’ভাক্সিন।

শেহতীয়া এক গৱেষণাত এই তথ্য পােহৰলৈ আহিছে। গৱেষণাপত্রখন চিকিৎসা বিজ্ঞানৰ আন্তর্জাতিক পত্রিকা ‘দ্য লেনচেট’ ত প্ৰকাশ পাইছে।

প্রকাশিত গৱেষণাপত্ৰত উল্লেখ কৰা অনুসৰি, ক’ভাক্সিনৰ দুপালি প্রতিষেধক গ্ৰহণৰ পাছত মানৱ দেহত কৰ’না ভাইৰাছ প্ৰতিৰােধী শক্তিশালী এন্টিবডী গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হয়।

উল্লেখ্য যে অলপতে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই ক’ভাক্সিনক স্বীকৃতি দিছিল। ২০২০ৰ নৱেম্বৰৰ পৰা ২০২১ৰ মেৰ সময়ছােৱাত দুপালি প্রতিষেধক গ্ৰহণ কৰা ২৪,৪১৯ জন লােকৰ শৰীৰত পৰীক্ষা চলাই ফলাফল বিশ্লেষণ কৰি ক’ভাক্সিনৰ কার্যকাৰিতা সন্দৰ্ভত এই তথ্য গৱেষকসকলে নিশ্চিত কৰিলে।

Exit mobile version