Sleepless : নিদ্রাহীনতাৰ বাবে কেনেধৰণৰ সমস্যা হয়

istock insomnia 1200x800 1

★নিদ্রাহীনতাৰ ফলত স্মৃতিশক্তিৰ প্ৰভাৱ পৰাৰ আশংকা থাকে। কাৰণ দীর্ঘদিন ধৰি নিদ্রাহীনতাত ভুগিলে ইয়াৰ প্ৰভাৱ স্নায়ুতন্ত্ৰত পৰাটো নিশ্চিত।

★ নিদ্রাহীনতাৰ ফলত বদ হজমৰ সমস্যাই গা কৰি উঠে।

★ নিশা ভালদৰে টোপনি নহ’লে অলসভাৱ হয়। দিনটোৰ কাম কাজ স্বাভাৱিকভাৱে কৰিবলৈ মন নাযায়।

★ মনঃসংযােগৰ অভাৱ হয়। দীর্ঘদিন ধৰি নিদ্রাহীনতাত ভুগিলে যিকোনাে কাম মনােযােগৰে কৰিব নােৱাৰি।

★ নিদ্রাহীনতাৰ ফলত বুকুখন ধৰ- ফৰ কৰিবলৈ ধৰে।

★ এনে সমস্যাৰ সৃষ্টি হলে উদ্বেগ বৃদ্ধি পায়।

★ সকলাে সময়তে বিৰক্ত হােৱা দেখা যায়। কোনাে কাম কৰিবলৈ ল’লে অথবা আনে কিবা কথা কলেই বিৰক্তিভাৱে প্ৰকাশ কৰে।

★ এনে সমস্যাৰ সৃষ্টি হােৱাৰ ফলত শৰীৰত ৰােগ প্ৰতিৰােধী ক্ষমতা হ্রাস পাবলৈ ধৰে। ফলত যিকোনাে ৰােগে গা কৰি উঠিবলৈ এখন। উপযুক্ত ক্ষেত্র লাভ কৰে।

★ বিভিন্ন ধৰণৰ ৰােগ বিশেষকৈ হৃদৰােগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ আদি বৃদ্ধি পােৱাৰ আশংকা থাকে।

Exit mobile version