শালবাৰীৰ খান্ঠালগুৰিৰ কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ

সাংস্কৃতিক, শৈক্ষিক বিপ্লৱৰ জৰিয়তে মানৱ সম্পদ, সমন্বয় গঢ়াৰ আহ্বান

বিটিচিৰ বাগসা জিলাৰ শালবাৰীৰ নিকটৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁও খান্ঠালগুৰিস্থিত কঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ (বড়ো মাধ্যম) সোণালী জয়ন্তী উৎসৱ আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হয় । দিনজোৰা কাৰ্যসূচীত পুৱাৰ ভাগত সোণালী জয়ন্তী উৎসৱৰ মুখ্য তোৰণ উন্মোচন কৰে প্ৰাক্তন ছাত্ৰ নেতা মাণিক বসুমতাৰীয়ে । মূল ৰভা উন্মোচন কৰে শালবাৰী ভিচিডিচিৰ অধ্যক্ষ বিমল বসুমতাৰীয়ে । ভোজনালয়ৰ দ্বাৰ উন্মোচন কৰে ৰূপহী-ঘোৰামাৰা ভিচিডিচিৰ অধ্যক্ষ ৰাজেশ নাৰ্জাৰীয়ে ।

ইয়াৰ পাছতে পতাকা উত্তোলন, স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় । লগতে, স্মৃতিসৌধ উন্মোচন কৰে শালবাৰী জিলা বড়ো সাহিত্যসভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰীয়ে । গছপুলি ৰোপণ কৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ ৰেঞ্জাৰ বাবুল ব্ৰহ্মই । উল্লেখ্য যে, দিনৰ ১১ বজাৰ পৰা উলিওৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে প্ৰাক্তন প্ৰৱক্তা তথা বিটিচিৰ শালবাৰী সমষ্টিৰ টিচিএলচিচিৰ অধ্যক্ষ বিনোদ মুছাহাৰীয়ে ।

সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত বিনোদ মুছাহাৰীয়ে কয় যে, সামাজিক সভ্যতাৰ ক্ষেত্ৰত শিক্ষা আৰু সংস্কৃতি অন্যতম মাধ্যম । তেনেদৰে এখন পুষ্ট সমাজ প্ৰতিষ্ঠা কৰাৰ বাবে শৈক্ষিক আৰু সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজন । সমাজত মানৱ সম্পদ গঢ়িবলৈ, সামাজিক তথা জনগোষ্ঠীয় সমন্বয় প্ৰতিষ্ঠা কৰিবলৈ সৱলভাৱে শৈক্ষিক বিপ্লৱ আৰু সাংস্কৃতিক বিপ্লৱ গঢ়ি তুলিব লাগিব আৰু এই বিপ্লৱ অব্যাহত থাকিব লাগিব ৷

উল্লেখ্য যে সাংস্কৃতিক শোভাযাত্ৰাত বড়ো জনগোষ্ঠীয় বৰ্ণাঢ্য সংস্কৃতি, পৰম্পৰা, ৰীতি-নীতি, চহা জীৱনৰ বৰ্ণাঢ্য ৰূপৰেখা প্ৰদৰ্শনৰে এক আকৰ্ষণীয় তথা দৃষ্টিনন্দন পৰিৱেশৰ ছবি উপস্থাপন কৰে । বিয়লি সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি জিতেন মহিলাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বাগসা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে মুখ্য অতিথিৰূপে, শালবাৰী জিলা বড়ো সাহিত্যসভাৰ সভাপতি ডম্বৰুধৰ বসুমতাৰী, শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ তপেশ্বৰ বসুমতাৰী, এবছুৰ বাগসা জিলা সমিতিৰ সভাপতি উমেশ দৈমাৰীয়ে বিশিষ্ট অতিথিৰূপে ভাষণ দিয়ে ।

সভাত স্মৰণিকা উন্মোচন কৰে বাগসা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে । সন্ধিয়া বন্তি প্ৰজ্বলনৰ পাছতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় । উল্লেখ্য যে সোণালী জয়ন্তী উৎসৱৰ স’তে সংগতি ৰাখি পৰৱৰ্তী দুটা দিনত বিভিন্ন সাহিত্য আৰু সাংস্কৃতিক কাৰ্যসূচীৰে বড়ো সাহিত্যসভাৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ’ব ।

Exit mobile version