কেৱল গুণ নহয় ! অত্যাধিক আদা খালে হ’ব পাৰে ভয়ানক বিপদ

4 x 3 post size

প্ৰায় সকলোৱে আদাৰ বিভিন্ন গুণাগুণৰ বিষয়ে জানে। ৰন্ধনত এক অন্য সোৱাদ আনিবলৈ আদা ব্যৱহাৰ কৰা হয়। ইফালে আকৌ চৰ্দি, কাহ, জ্বৰ আদিত আদাৰ এটুকুৰা আদাৰ টুকুৰা খালেই উপশম পোৱা যায় ।

একাপ আদা চাহ খালেও তৎক্ষণাত শৰীৰত এনাৰ্জী আহে। ডিঙিৰ সামান্য বা বিষত একাপ আদা চাহ খালেই এই সমস্যা মিনিটতে সমাধান হয়।

কিন্তু আদাৰ কেৱল ভাল দিশে আছে নেকি? বিশেষজ্ঞসকলে কয় যে অত্যাধিক আদা খোৱাৰ ফলতো কিছু ক্ষতি হ’ব পাৰে। সেইবোৰ কি জানেনে?

(১) যিসকলে ডায়েবেটিচ বা ৰক্তচাপৰ ঔষধ গ্ৰহণ কৰে তেওঁলোকৰ বাবে আদা অতি ক্ষতিকাৰক। ইয়াৰ কাৰণ হৈছে এই দুটা ৰোগৰ বাবে ব্যৱহৃত ঔষধৰ স’তে আদাৰ ৰাসায়নিক বিক্ৰিয়াই বেয়া প্ৰভাৱ পেলায়। গতিকে কোনো নিয়মিত ঔষধ গ্ৰহণ কৰাৰ সময়ত অতিৰিক্ত আদা গ্ৰহণ কৰিব লাগে নে নাই,সেই বিষয়ে আগতে চিকিৎসকৰ পৰামৰ্শ লওক।

(২) গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত আদা নোখোৱাই ভাল। আদাত কেবাধৰণৰ ষ্টিমুলেট আছে যি শৰীৰৰ পেশী মজবুত কৰে আৰু সেইকাৰণে গৰ্ভৱতী মহিলাসকলক আদা পৰিহাৰ কৰিবলৈ কোৱা হয়। চিকিৎসকসকলে বিশেষকৈ গৰ্ভধাৰণৰ প্ৰথম তিনি মাহৰ বাবে আদা নাখাবলৈ পৰামৰ্শ দিয়ে ।

(৩) আদাই ওজন হ্ৰাস কৰাত সহায় কৰে । আদা খালে ওজন নিয়ন্ত্ৰণত ৰাখে যিটো এক প্ৰকাৰে ভাল। কিন্তু সেইটো কম ওজনৰ ব্যক্তিজনৰ বাবে ভাল নহয়। যদি কাৰোবাৰ ওজন কম,তেন্তে আদা কমকৈ খোৱা উচিত। কিয়নো আদাত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে। যি শৰীৰৰ পিএইচ স্তৰ বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া অতি ভাল হয়। কিন্তু অতিৰিক্ত মাত্ৰাত পিএইচৰ স্তৰ বৃদ্ধি হ’লে ওজন আৰু হ্ৰাস হয়।

(৪) আদাই শৰীৰত ৰক্ত সঞ্চালনত সহায় কৰে। ফলস্বৰূপে, যিসকলৰ ওজন অধিক আৰু ডায়েবেটিচ আছে তেওঁলোকৰ বাবে আদা উপকাৰী। অৱশ্যে হিমোফিলিয়া থকা লোকসকলৰ বাবে আদা প্ৰায় বিহৰ দৰে। গতিকে চিকিৎসকৰ স’তে পৰামৰ্শ লৈকে আদা খাব।

(৫) অত্যাধিক আদা খালে বুকুৰ বিষো হ’ব পাৰে। গতিকে আদাৰ যিমান উপকাৰিতা আছে তেনেদৰে কিছুমান অপকাৰিতাও আছে । সেয়েহে অত্যাধিক আদা খোৱাৰ আগতে চিন্তা কৰক।

Exit mobile version