গোসাইগাঁৱৰ শ্ৰীৰামপুৰত ৩১টা গৰুসহ দুখন বলেৰো পিক আপ ভান জব্দঃ চাৰিজনক আটক

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই কঠোৰ হৈছে সিমানে চোৰাং সৰবৰাহকাৰীসকলে ন ন কৌশল অৱলম্বন কৰি গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে । চোৰাং গৰু মাফিয়াই আজি পুৱা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ পৰা দুখন বলেৰো পিকআপ ভানত মুঠ ৩১টা গৰু বোজা কৰি অসমৰ গৌৰিপুৰলৈ সৰবৰাহ কৰাৰ সময়ত যাতে বাহিৰৰ পৰা কোনোৱে প্ৰত্যক্ষ কৰিব নোৱাৰে তাৰ বাবে গৰুকেইটাৰ ওপৰত ধানৰ তুষ ভৰ্তি বস্তা দি আনিছে ।

WB 63A 7288, WB73F 1119 গাড়ী দুখনক প্ৰত্যক্ষ কৰি শিমুলটাপু আৰক্ষীৰ সন্দেহ হোৱাত গাড়ী দুখন ৰখাই তলাচী চলোৱাত তুষৰ বস্তুবোৰৰ তলত গৰু থকা প্ৰত্যক্ষ কৰি গৰুসহ বলেৰো পিকআপ গাড়ী দুখন জব্দ কৰাৰ লগতে চাৰিজনক আটক কৰে ।

আটক কৰা লোক সকলৰ দুজন কোচবিহাৰ জিলাৰ পুণ্ডিবাৰীৰ ক্ৰমে আবুল হুছেইন (২৩), অমল ৰায় (৪৫) আৰু আন দুজন কোচবিহাৰ জিলাৰ তুফানগঞ্জৰ ক্ৰমে ইলিয়াছ শ্বেখ (২৪) আৰু জাহিদ শ্বেখ(১৮) বুলি চিনাক্ত কৰা হৈছে ।

Exit mobile version