চাকৰি ত্যাগৰ ধুমঃ এমাহত আমেৰিকাত চাকৰি এৰিলে ৪৪ লাখ লোকে, কিন্তু কিয় ?

shutterstock 571663528 e1506426484431

চাকৰি ত্যাগ কৰাৰ ধুম উঠিছে আমেৰিকাত । যোৱা শুকুৰবাৰে মাৰ্কিন শ্ৰম বিভাগে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি কেৱল যোৱা ছেপ্টেম্বৰত চাকৰি ত্যাগ কৰিছিল ৪৪ লাখ লোকে । একেদৰে ইয়াৰ পূৰ্বে আগষ্টত দেশখনত চাকৰি ত্যাগ কৰিছিল ৪৩ লাখ লোকে । ফলত সম্প্ৰতি আমেৰিকাৰ কৰ্মক্ষেত্ৰত এক কোটি চাৰি লাখ শূন্য পদ আছে ।

মাৰ্কিন শ্ৰম বিভাগৰ বিশেষজ্ঞৰ মতে, এইদৰে আমেৰিকাত চাকৰি ত্যাগ কৰাৰ প্ৰৱণতাৰ আঁৰত মাৰ্কিন নাগৰিকৰ আত্মবিশ্বাসী হোৱাৰ ফলত তেওঁলোকে বৰ্তমানে কৰি থকা চাকৰিৰ পৰা পদত্যাগ কৰি নতুন চাকৰিৰ সন্ধান কৰিছে । বৰ্ধিত বেতন আৰু পদোন্নতিৰ হাবিয়াসেৰেও বহু মাৰ্কিন নাগৰিকে সম্প্ৰতি চাকৰি ত্যাগ কৰি নতুন চাকৰিৰ সন্ধান কৰিছে ।

সাম্প্ৰতিক পৰিসংখ্যা অনুসৰি, মাৰ্কিন নাগৰিকসকলেও ধন খৰচ কৰাৰ প্ৰৱণতা বৰ্তমানে বৃদ্ধি পাইছে আৰু ফলত দেশখনৰ অৰ্থনীতি সবল হ’বলৈ ধৰিছে । যোৱা শুকুৰবাৰে প্ৰকাশ পোৱা এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, অক্টোবৰত দেশখনত পাঁচ লাখ ৩১ হেজাৰ নতুন চাকৰিৰ সৃষ্টি হৈছিল ।

আমেৰিকাত সম্প্ৰতি নিবনুৱাৰ হাৰো ৪.৮ শতাংশৰ পৰা ৪.৬ শতাংশলৈ হ্ৰাস পাইছে । আমেৰিকাত নিবনুৱাৰ হাৰ এতিয়াও অধিক হৈ থকাৰ অন্যতম এক কাৰণ হৈছে ক’ভিডৰ সংক্ৰমণ । ক’ভিড পৰিস্থিতিত দেশখনৰ বহু কৰ্মৰত মহিলাই শিশুক যথোপযুক্ত স্থানত ৰাখি থৈ যোৱাৰ সমস্যাৰ সন্মুখীন হোৱাৰ ফলত এই সকল মহিলাই কৰ্মক্ষেত্ৰৰ পৰা বিৰত থকা দেশখনত নিবনুৱাৰ সংখ্যা অধিক হৈছে । তদুপৰি ক’ভিড পৰিস্থিতিত নিবনুৱা ভাট্টা লাভ কৰাৰ ফলত বহু মাৰ্কিন নাগৰিকৰ হাতত বৰ্তমানে পৰ্যাপ্ত পৰিমাণৰ ধন জমা আছে আৰু এইসকল লোকেও উপযুক্ত কৰ্মসংস্থাপনৰ সন্ধান কৰাৰ বাবে অধিক সময় ব্যয় কৰিছে ।

Exit mobile version