চীনত সন্ধান লাভ ১৮ ভয়ংকৰ ভাইৰাছৰ, হ’ব পাৰে নতুন মহামাৰী

2412ab1c af7f 11ea a77b 87dc2115315d image hires 173702

চীনৰ সামুদ্ৰিক প্ৰাণীৰ বজাৰৰ পৰাই পূৰ্বে ছাৰ্ছ আৰু ক’ভি-১৯ৰ ভাইৰাছ বিয়পি পৰাৰ অভিযোগ উত্থাপিত হৈছিল । শেহতীয়াভাৱে চলোৱা এক সমীক্ষাত উল্লেখ কৰা মতে, এক ডজনৰো অধিক মুকলি বজাৰত বিক্ৰী হোৱা প্ৰাণীৰ আৰু এনে প্ৰাণীৰ বিভিন্ন ৰেস্তোৰাঁত বিক্ৰী কৰা খাদ্য সম্ভাৰত ৭১টা ভাইৰাছৰ সন্ধান লাভ কৰা হৈছিল ।

এইসমূহ ভাইৰাছ স্তন্যপ্ৰাণীৰ শৰীৰত সহজে সংক্ৰমিত হয় । এই ভাইৰাছৰ ভিতৰত ১৮টা ভাইৰাছ মানুহ আৰু গৃহপালিত প্ৰাণীৰ বাবে যথেষ্ট বিপজ্জনক । অৱশ্যে ছাৰ্ছ অথবা ক’ভিড-১৯ৰ ভাইৰাছৰ কোনো সন্ধান লাভ কৰা নাই বুলি গৱেষকে জানিবলৈ দিয়ে ।

চীনৰ প্ৰাণীৰ বজাৰ আৰু ৰেস্তোৰাঁৰ খাদ্যত ধৰা পেলোৱা ভাইৰাছৰ ১৮ বিধ ভাইৰাছ অত্যন্ত বিপজ্জনক আৰু আগন্তুক সময়ত এইসমূহ ভাইৰাছে নতুন অতিমাৰীৰ সৃষ্টি কৰিব পাৰে বুলি গৱেষকে সকীয়াই দিছে ।

Exit mobile version