বজালীত জৈৱিক কৃষি বিপ্লবৰ সূচনা

লুপ্তপ্ৰায় থলুৱা জাতৰ কুনকুনি জহাৰ খেতিৰে চমক সৃষ্টি বজালীৰ কৃষক মহেন্দ্ৰ দাসৰ

IMG 20211112 WA0000

সেউজীয়া সপোন লৈ একাংশ কৃষক ৰাইজ পথাৰত নামি সোণগুটি চপোৱা দৃষ্টিনন্দন দৃশ্য ই বাটৰুৱাকো যেন বিভোৰ কৰি তুলিছে।গাঁৱৰ অৰ্থনীতি চহকী কৰাৰ দিশত প্ৰভূত প্ৰভাৱ পেলাই অহা কৃষক সকল নামিছে এতিয়া পথাৰত খেতি ডৰা চপোৱাৰ কামত ।

বজালী জিলাৰ পাটাছাৰকুছি বিধান সভা সমষ্টিৰ পৰা ১০ কি .মি. নিলগৰ নিজ ষাঠিশামুকা গাওৰ আদৰ্শবান কৃষক মহেন্দ্ৰ দাসে জৈৱিক পদ্ধতিৰে কুন কুনি জহা ধানৰ খেতিৰে চমক সৃষ্টি কৰিবলৈ সক্ষম হৈছে৷

যিটো সময়ত কৃষি বিজ্ঞানীসকলে ন ন ধানৰ আবিস্কাৰেৰে কৃষক সকলক অধিক উৎপাদনেৰে উপকৃত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে বহু উন্নত মান সম্পন্ন থলুৱা জাতৰ ধানৰ খেতিৰ বিলুপ্তিসাধন হৈ আহিছে যদিও এচাম কৃষকে তেনে ধানৰ মোহ এৰিব পৰা নাই আৰু তেনে খেতিত আত্মনিয়োগ কৰি নিজৰ পাৰদৰ্শিতাৰ পৰিচয় দাঙি ধৰিছে বহু কৃষকে৷

এনে এগৰাকী কৃষক হৈছে বজালী জিলাৰ অন্তৰ্গত খাৰাধৰা গাঁওৰ উদ্যমী তথা আদৰ্শবান কৃষক মহেন্দ্ৰ দাস৷ সম্পুৰ্ন জৈৱিক পদ্ধতিৰে এইবাৰ তেও প্ৰায় ২১ বিঘা মাটিত কুনকুনি জহা ধানৰ খেতি কৰি কৃষি ক্ষেত্ৰখনত উজ্জ্বলি উঠিছে৷

লহপহকৈ বাঢ়ি অহা প্ৰায় এবুকু ওখ খেতিদৰাত ধানবোৰে মুগনীয়া ৰং লৈছে৷ কেইদিনমান পাছতে পকিব৷ এই ধান বিধৰ বিশেষত্ব হৈছে ইয়াৰ সু-গোন্ধ আৰু লাহি৷ এই প্ৰতিবেদকে খেতিদৰাত পৰিদৰ্শন কৰাৰ সময়ত খেতিপথাৰ এক বিশেষ সুবাসে আমোমোলাই আছিল৷

প্ৰতি বিঘা ধানত ১০-১৪ মোন উৎপাদন আশা কৰিছে কৃষক গৰাকীয়ে৷ এই ধানবিধৰ উৎপাদন যদিও তুলনামুলকভাবে কম ইয়াৰ চাহিদা আৰু বজাৰ মূল্য অন্য ধানতকৈ বহুগুনে বেছি৷ বিগত বৰ্ষত জৈৱিক পদ্ধতিৰে কৰা কুনকুনি জহাচাউল প্ৰতি কিলোগ্ৰামত ৮০ টকা দৰত বিক্ৰী কিৰিছিল তেওঁ৷

সেয়েহে চাহিদা আৰু লাভৰ দিশটো বিবেচনা কৰি এইবাৰ পূৰ্বতকৈ বেচি মাটিত জহা খেতি কৰিছে তেওঁ৷ইতিমধ্যে বেলেগ প্ৰজাতিৰ ধানৰ উপৰিও বিভিন্ন ধৰণৰ জৈৱিক কৃষি পদ্ধতিৰে অঞ্চলটোৰ মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে এই কৃষকজনে৷

এই প্ৰতিবেদকক জানিবলৈ দিয়া অনুসৰি তেওঁ সমগ্ৰ বজালী জিলাতে সুপৰিকল্পিতভাৱে অন্য এক কৃষি বিপ্লবৰ সূচনা কৰাৰ বাবে বিগত পাচ বছৰ মান আগৰে পৰা অহৰহ ভাৱে কৃষক সকলক সুসংগঠিত কৰি আহিছে৷ ছিমফেড নামৰ অনুষ্ঠান এটিৰ উদ্যোগত পি. কে. ভি.ওৱাইৰ অধীনত কেবাবাৰো প্ৰশিক্ষণ লৈ জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি অনুপ্ৰাণিত হৈ ঘৰতে কেচুমতা সাৰ, পচন সাৰ আৰু ধইনচা নামৰ তৃণবিধৰ খেতিৰেও মাটি সাৰুৱাকৰণ কৰা আদি কৌশল অবলম্বন কৰি আহিছে৷

গুৱাহাটীৰ কাহিকুছিটো জৈৱিক কৃষি সম্পৰ্কীয় ৪৫ দিনীয়া প্ৰশিক্ষণ লৈছে তেও৷ ইয়াৰ পাছতে নিজেও সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰি বিভিন্ন স্থানত কৃষক সকলক জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি আকৰ্ষিত কৰি আহিছে৷ দাসে জানিবলৈ দিয়া অনুসৰি বজালী জিলাত সাত খন ৰাজহ গাওৰ ৩০০ কৃষৰে এনে কামত আত্মনিয়োগ কৰিছে৷ ৰাসায়নিক সাৰৰ পৰিবৰ্তে জৈৱিক সাৰৰ প্ৰয়োগক স্থানীয় কৃষকে সময়ৰ আহ্বান হিচাপে গ্ৰহণ কৰিছে কাৰণ কৃষক সকলে বুজি উঠিছে যে জৈৱিক প্ৰক্ৰিয়াৰে কৰা উৎপাদিত সামগ্ৰীৰ বজাৰত চাহিদা আৰু মূল্য অধিক হোৱাৰ উপৰিও এনেদৰে খেতি কৰিলে বায়ু পানী আৰু কৃষি ভূমিৰ স্বাস্থ্য অতুত থাকিব ৷

ৰাসায়নিক সাৰে খেতিমাটিৰ স্বাস্থ্য বিনষ্ট কৰে৷ বজালী জিলাত ইতিমধ্যে জিলাভিত্তিক জৈৱিক কৃষি সমিতি গঠন কৰা হৈছে আৰু কৃষক সকলৰ মাজত সজাগতা সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে৷ প্ৰনিধানযোগ্য যে ২০১৯ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে অসমৰ ১০ খন জিলাৰ দুজনকৈ মুঠ ২০ জন জৈৱিক পদ্ধতিত খেতি কৰা কৃষকে মুম্বাইত অনুষ্ঠিত হোৱা কৃষিজাত উৎপাদনৰ আন্তৰাষ্ট্ৰীয় প্ৰদৰ্শনী মেলাত অংশ গ্ৰহণ কৰি অসমৰ দলটিয়ে প্ৰথম স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল আৰু কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ পৰা পুৰস্কাৰ গ্ৰহন কৰিছিল৷

যিটো সময়ত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীতনাসক ব্যৱহাৰ কৰি কৰা উৎপাদিত সামগ্ৰী খোৱাৰ ফলত মানুহে নানা ৰোগৰ দ্বাৰা আক্ৰান্ত হব লগা হৈছে আৰু মানৱ জীৱনলৈ ভাবুকী কঢ়িয়াই আনিছে বুলি চৰ্চিত হৈছে তেনে সময়তে জৈৱিক কৃষি বিপ্লৱে সমগ্ৰ অঞ্চলবাসীলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে৷লগতে ইয়াৰ জৰিয়তে সুস্থ,সবল সমাজ গঢ়াৰ উপৰি পৰস্পৰাক ধৰি ৰখাৰ আখৰা।

Exit mobile version