বজাৰত জ্বলিছে জুই, আখলত নাই উত্তাপ

খাদ্য সামগ্ৰীতকৈ সস্তাত পায় কাপোৰ, ফাঁচীবজাৰ-গণেশগুৰি বজাৰত গ্ৰাহকৰ হুমুনিয়াহ

Screenshot 241

বজাৰত জুই । খাদ্য তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ জুয়ে চৌদিশে গ্ৰাস কৰিছে । মূল্যবৃদ্ধিৰ জুইত ছাটিফুটি মৰিছে সৰ্বসাধাৰণ ৰাইজ; কিন্তু বজাৰৰ দাম নিয়ন্ত্ৰণৰ ক্ষেত্ৰত নিৰ্বিকাৰ চৰকাৰ । ৰাজনৈতিক নেতাৰ মুখত এতিয়া মূল্যবৃদ্ধিক লৈ নানান অজুহাত । কোনো কোনো নেতাই আকৌ জনতাক মূল্যবৃদ্ধিৰ পৰা পৰিত্ৰাণৰ উপায়ো দিবলৈ এৰা নাই । কিয়নো এনে পৰিস্থিতিত ৰাইজে বজাৰৰ অৱস্থা দেখি হুমুনিয়াহ কঢ়াৰ বাদে আন একো কৰিব পৰা নাই ।

উন্নয়নৰ সপোন দেখুৱাই, প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দি শাসনৰ গাদীত বহা বিজেপি চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । এই লৈ সাধাৰণ জনতাৰ মনত প্ৰশ্নৰ উদয় হৈছে – মূল্যবৃদ্ধিৰে চৰকাৰে নিজৰ ঘাটি পূৰণ কৰি থকা নাইতো ? স্বাভাৱিকতে এই প্ৰশ্নৰ অৱতাৰণা হ’ব‌ই । কিয়নো খাদ্য সামগ্ৰীতকৈ সস্তাত পোৱা যায় কাপোৰ ।

কাপোৰৰ দাম কিছু বৃদ্ধি হৈছে যদিও সেই দাম স্বাভাৱিক বুলি মন্তব্য কৰিছে গ্ৰাহকে । খাদ্য সামগ্ৰীৰ বজাৰত মূৰে কপালে হাত দিয়া ৰাইজে কাপোৰ-জোতা কানাবলৈ নকৰে হিচাপ-নিকাচ । কিয়নো কাপোৰ-জোতা নিত্য ব্যৱহাৰ কৰা হয় যদিও অত্যাৱশ্যকীয় সামগ্ৰী নহয় । এই সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰি গুৱাহাটীৰ কুমাৰপাৰা নিবাসী চন্দনা কলিতা নামৰ এগৰাকী গ্ৰাহকে কয়, ‘মূল্যবৃদ্ধিৰ জুয়ে ছানি ধৰিছে ৰাজ্যবাসীক । ভাবিছিলো চৰকাৰ পৰিৱৰ্তন হ’লে মধ্যবিত্ত শ্ৰেণীৰ লোকসকলক কিছু সকাহ দিব; কিন্তু তেনে নহ’ল । পেট্ৰ’লৰ দামে শতকৰ ঘৰ পাৰ কৰি আহিল । বজাৰত ৬০, ৮০ টকাৰ তলত তৰকাৰী নাই । শাক-পাচলিৰ দাম গুৱাহাটীৰ বাহিৰত কম; কিন্তু গুৱাহাটী সোমোৱাৰ পাছত তাৰ দাম চাৰিগুণ বৃদ্ধি পায় । চৰকাৰৰ যোগান বিভাগ নামৰ এটা দায়িত্বপূৰ্ণ বিভাগ আছে; কিন্তু সেই বিভাগৰ নিয়ন্ত্ৰণত নাই ৰাজ্যৰ বিশেষকৈ গুৱাহাটীৰ বজাৰ ।’

খাদ্য সামগ্ৰীৰ বজাৰতকৈ কাপোৰৰ দোকানত ভিৰ পৰিলক্ষিত হোৱাৰ কাৰণ সন্দৰ্ভত তেওঁ পুনৰ কয়, ‘কাপোৰৰ দাম ডিজাইন, ব্ৰেণ্ড অনুযায়ী বেছি; কিন্তু সাধাৰণতে আমি ব্যৱহাৰ কৰা কাপোৰবোৰ উপযুক্ত মূল্যত উপলব্ধ । পূৰ্বতকৈ কাপোৰৰ দাম বাঢ়িছে যদিও কাপোৰ মানুহে সদায় নিকিনে । প্ৰয়োজন হ’লেহে কিনে । সেয়ে সদায় দাম নাবাঢ়ে; কিন্তু খাদ্য সামগ্ৰী তথা পেট্ৰ’ল-ডিজেলৰ দাম সদায় বাঢ়ে । যাৰ বাবে আমি অতিষ্ঠ হৈ পৰিছো । চৰকাৰে শীঘ্ৰে ইয়াক নিয়ন্ত্ৰণ কৰক । অন্যথা ৰাইজৰ ক্ষোভৰ উদ্গীৰণ হ’ব ।’

ইপিনে, গণেশগুৰিৰ ভৃগু মাৰ্কেটৰ দোকানী নিতা সাহাই বজাৰত গ্ৰাহক নাই যদিও পদপথত প্ৰতিদিনে গ্ৰাহকৰ ভিৰ হয় বুলি জানিবলৈ দিয়ে । তেওঁ কয়, ‘মোৰ এই মাৰ্কেটত ২২ বছৰ হ’ল । এই সুদীৰ্ঘ সময়ছোৱাত ম‌ই বজাৰৰ বহু উত্থান-পতন দেখিছো; কিন্তু বিগত দুই-আঢ়ৈ বছৰে বজাৰৰ যি শোচনীয় অৱস্থা দেখিছো সেয়া হ’ব পাৰে বুলি আগতে কেতিয়াও কল্পনা কৰা নাছিলো । মোৰ দোকানত মহিলাৰ কাপোৰ উপলব্ধ । ইয়াত গণেশগুৰি তথা ইয়াৰ দাঁতিকাষৰীয়া লোকে বজাৰ কৰেহি । পদপথৰ লগতে মাৰ্কেটতো গ্ৰাহকৰ উপস্থিতি সন্তোষজনক আছিল । ক’ভিডৰ বাবে জনসাধাৰণৰ এতিয়া অৱস্থা শোচনীয় । মানুহৰ হাতত ধন নাই; কিন্তু জীয়াই থাকিবলৈ খাদ্য, কাপোৰ লাগিব‌ই ।

ম‌ই পৰিয়াল থকা মানুহ । ম‌ই জানো মোৰ পত্নীয়ে কিদৰে আখলত হিচাপ-নিকাচ কৰি চলাইছে । মোৰ পত্নীৰ দৰে প্ৰতিগৰাকী গৃহিণীয়েই পাকঘৰৰ বাজেটখন মিলাই হয়তো মূৰে-কপালে হাত দিয়ে । বজাৰত জুই বাবেই আখলত সেই জুইৰ উত্তাপ নাই । হাত ধৰি চলিবলগীয়া হৈছে গৃহিণীয়ে; কিন্তু তাৰ পৰিৱৰ্তে তুলনামূলকভাৱে সস্তাত পায় কাপোৰ । কাপোৰ-জোতা বা তেনেধৰণৰ দীৰ্ঘ সময় ধৰি ভালে থকা সামগ্ৰীৰ মূল্য কি কম ? দোকানত পোৱা কাপোৰৰ দাম আমি ৫-১০ টকাহে বৃদ্ধি কৰিছো । এই দামতো বহু দিনলৈ এনেকৈয়ে থাকিব । সঘনে বৃদ্ধি নহয় । সেই বাবেই হয়তো খাদ্য সামগ্ৰীৰ বজাৰতকৈ কাপোৰৰ দোকানত গ্ৰাহক বেছি ।’

ফাঁচি বজাৰত পাচলিৰ দাম দৰে কৰি থকা কলেজীয়া ছাত্ৰী ভাস্বতী কলিতাই কয়, ‘ম‌ই গুৱাহাটীৰ এখন মহাবিদ্যালয়ৰ ছাত্ৰী । বান্ধৱী এজনীৰ লগত ভাড়াঘৰত থাকো । গুৱাহাটীত কম দামত ভাল ভাড়াঘৰ পাবলৈ নাই । পঢ়াৰ খৰচ, ভাড়াঘৰৰ প‌ইচা, খোৱা-বোৱা, কাপোৰ তথা অন্যান্য সকলো বস্তুৰ বাবে প্ৰয়োজন হোৱা টকা ঘৰৰ পৰা পঠায় । চাউলখিনিও ঘৰলৈ গ’লে দি পঠিয়ায়; কিন্তু বাকী সকলো সামগ্ৰী ইয়াতে কিনিব লাগে । আমি আজিকালি অলপ অলপ বজাৰ কৰো । এসাঁজ-দুসাঁজ খাব পৰাকৈ । যাতে ইমান দামত কিনা পাচলি বহুদিন পৰি থাকি বেয়া হৈ নাযায় । আগতে এইবোৰ কথা গাত লগা নাছিল । এতিয়া লাগে ।

সকলো বস্তুৰ দাম বাঢ়িছে । ফল-মূলটো খাব‌ই নোৱাৰি । চৰকাৰে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই । ভোটাৰ ৰাইজ যে অসন্তুষ্ট হৈছে সেই কথা চৰকাৰে অনুমান কৰিব পৰা নাই । নহ’লেনো মূল্যবৃদ্ধি ৰোধ নকৰাকৈ থাকিলেহেঁতেন নে ? এতিয়া খাদ্য সামগ্ৰীতকৈ অন্য বস্তু সস্তাত পায় । ধুনীয়া ধুনীয়া জোতা-কাপোৰ ওলাইছে বজাৰত । যোৱা বছৰ ক’ভিডৰ ভয়ত কাপোৰ কিনাই নহ’ল । এইবাৰ কিনিছো । কাপোৰৰ দাম বৰ বেছি বঢ়া নাই । দৰ-দাম সস্তাতে আনিছো । তেনেদৰে পদপথতে কম দামত উপলব্ধ হৈছে কলেজ বেগ, সাজসজ্জা তথা প্ৰসাধন সামগ্ৰী ।’

Exit mobile version