ভাৰতলৈ ৰাছিয়াৰ এছ ৪০০ ক্ষেপণাস্ত্ৰ প্ৰতিৰোধ ব্যৱস্থাৰ যোগান প্ৰক্রিয়া কৰিলে আৰম্ভ

s 400 triumf 34

ৰাছিয়াই ভাৰতক এছ ৪০০ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থাৰ যােগান প্রক্রিয়া আৰম্ভ কৰিলে। এই তথ্য প্রকাশ কৰিলে ফেডাৰেল চার্ভিছ ফৰ মেলিটাৰী টেকনিকেল কৰ্পৰেচন সঞ্চালক ডিমিট্রি ছুর্গেভে।

ডুবাইত অনুষ্ঠিত বায়ুসেনাৰ এক প্রদর্শনীত অংশ লােৱাৰ সময়ত ডিমিট্রিয়ে ভাৰতলৈ ৰুছ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থাৰ যােগান প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা বুলি জানিবলৈ দি কয়,’ভাৰতক এছ ৪০০ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থাৰ যােগান প্রক্রিয়া আৰম্ভ কৰা হৈছে আৰু নির্দিষ্ট সময়ত দেশখনত ই উপলব্ধ হ’ব।

‘উল্লেখ্য যে ভাৰতে ২০১৮ অক্টোবৰত ৰাছিয়াৰ পৰা এছ। ৪০০ ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থা ক্ৰয়ৰ বাবে এখন চুক্তিত স্বাক্ষৰ কৰিছিল। ভাৰতৰ পূর্বে ৰাছিয়াৰ পৰা এই ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থা তুৰস্ক আৰু চীনে ক্রয় কৰিছিল।

ভাৰতীয় প্ৰতিৰক্ষা বিভাগৰ বাবে এছ ৪০০ ক্ষেপণাস্ত্র প্ৰতিৰােধী ব্যৱস্থা যথেষ্ট গুরুত্বপূর্ণ বিবেচিত হৈছে। ৰাছিয়াৰ পৰা এই ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থা লাভ কৰিলে ভাৰতৰ প্ৰতিৰক্ষাৰ দিশটো যথেষ্ট শক্তিশালী হ’ব বুলি বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

এছ ৪০০ হৈছে ৰাছিয়াই তৈয়াৰ কৰা এবিধ সবাতােকৈ উন্নত অত্যাধুনিক যুদ্ধাস্ত্র। এই ক্ষেপণাস্ত্র প্রতিৰােধী ব্যৱস্থাই দীর্ঘ দূৰত্বভেদী যিকোনাে ক্ষেপণাস্ত্র অনায়াসে আকাশতে ধ্বংস কৰিব পাৰে।

বেলিষ্টিক ক্ষেপণাস্ত্রৰ লগতে শত্রুপক্ষৰ বিমান আৰু এ ডব্লিউ এ চি এছ। বিমানাে এই প্রতিৰােধী ব্যৱস্থাই ধ্বংস কৰিব পাৰে। ভূপৃষ্ঠৰ পৰা এশ ফুট উচ্চতাত উৰা মৰা যিকোনাে বিপদৰ সন্ধান ৰাছিয়াৰ এই ক্ষেপণাস্ত্র প্ৰতিৰােধী ব্যৱস্থাই অতি সহজে উলিয়াব পাৰে আৰু এই বিপদ নিমিষতে আঁতৰ কৰিবলৈ সক্ষম।

Exit mobile version