Ambulance for Cow : গৰুৰ বাবে এম্বুলেন্স ! দেশত প্রথমবাৰ এই সেৱা, দাবী যোগী চৰকাৰৰ

ambulance story 647 062317031253

গৰুৰ বাবে এম্বুলেন্স সেৱা আৰম্ভ কৰিছে উত্তৰ প্রদেশ চৰকাৰে । ডেয়ৰী উন্নয়ন, পশুপালন আৰু মৎস্য সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্রী লক্ষ্মী নাৰায়ণ চৌধুৰীয়ে দেওবাৰে এই কথা জনাইছে । অসুস্থ গৰু দ্রুত চিকিৎসা কৰোৱাৰ লক্ষ্যৰেই এই সেৱা আৰম্ভ হ’ব যোগীৰাজ্যত । মন্ত্রীজনে জনাইছে, গৰুৰ বাবে এই ধৰণৰ সেৱা ‘দেশত এয়ে প্রথম’ ।

‘অভিনব এম্বুল্যান্স’ সেৱা ডিচেম্বৰৰ পৰা পোৱা যাব । ২৪ ঘণ্টায় এই সেৱা লাভ কৰিব গোধন প্রতিপালকসকলে । সেয়ে ইতিমধ্যেই ৫১৫ টা এম্বুলেন্স প্ৰস্তুত আছে বুলি জনাইছে লক্ষ্মী নাৰায়ণে । তেওঁ কয়, ‘‘সেৱাৰ বাবে জৰুৰীকালীন নম্বৰ ১১২ ত ফোন কৰিব লাগিব । অসুস্থ গৰুক দ্রুত চিকিৎসাৰ বাবে এই ব্যৱস্থা ।’’

এই নম্বৰত ফোন কৰাৰ আধা ঘণ্টাৰ ভিতৰত দুই সহকাৰীৰ স’তে এজন পশুচিকিৎসক উপস্থিত হ’ব বুলি জনাইছে মন্ত্রীজনে । এই সেৱা সংক্রান্ত অভাৱ-অভিযোগৰ বাবে লক্ষ্ণৌত এটা কলচেন্টাৰ মুকলি কৰিব যোগী চৰকাৰে ।

গৰুৰ চিকিৎসাৰ লগতে প্রজননক লৈও চিন্তিত উত্তৰ প্রদেশৰ বিজেপি চৰকাৰ । গুণগত মানৰ বীর্য আৰু ভ্রূণ প্রতিস্থাপন প্রযুক্তিৰ মাধ্যমত গৰুৰ প্রজননক আৰু উন্নত কৰিব বিচাৰে ৰাজ্য চৰকাৰে । তাৰ বাবেও এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে যোগী চৰকাৰৰ তৰফৰ পৰা । তাৰেই অধীনত ৰাজ্যৰ গোধন প্রতিপালকসকলক এই বিষয়ত সহায় কৰিব চৰকাৰে ।

Exit mobile version