Delhi Pollution : প্ৰদূষণৰ বাবে সম্পূর্ণ তলাবন্ধ ঘোষণা কৰিবলৈ প্রস্তুত, শীৰ্ষ ন্যায়ালয়ক জনালে দিল্লী চৰকাৰে

3vs94fvo delhi smog pti

প্ৰদূষণৰ বাবে সম্পূর্ণ তলাবন্ধ ঘোষণা কৰাৰ সম্ভাৱনা ৰাজধানী নতুন দিল্লীত । সোমবাৰে উচ্চতম ন্যায়ালয়ে হলফনামা দি এই কথা জনায় কেজৰীৱাল চৰকাৰে । দিল্লীৰ বায়ু প্ৰদূষণৰ মাত্রা কমাবলৈ চৰকাৰক কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ শীৰ্ষ ন্যায়ালয়ৰ । তাৰ পাছতেই সোমবাৰে এই হলফনামা । হলফনামাত চৰকাৰে লিখেছে, “স্থানীয় স্তৰত প্ৰদূষণৰ মাত্রা কমাবলৈ সম্পূর্ণ তলাবন্ধৰ দৰে কঠোৰ পদক্ষেপ ল’বলৈ প্রস্তুত দিল্লী । কিন্তু এই পদক্ষেপ তেতিয়াই সম্পূর্ণ গ্রহণযোগ্য হ’ব যেতিয়া সমগ্র ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র (এনচিআৰ) আৰু তাৰ পার্শ্বৱর্তী ৰাজ্যসমূহতো একেই পদক্ষেপ লোৱা হ’ব । দিল্লীৰ আয়তনৰ হিচাপত কেৱল তাতেই তলাবন্ধ কৰিলে তাৰ প্রভাৱ কমেই অনুভূত হ’ব ।’’

লগতে লিখা হৈছে, ‘কেন্দ্রীয় চৰকাৰ অথবা কমিছন ফৰ এয়াৰ কোৱালিটী মেনেজমেন্টেৰ তৰফৰ পৰা যদি ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্র আৰু পার্শ্বৱর্তী ৰাজ্যত এনে পদক্ষেপ গ্ৰহণ কৰিবলৈ কোৱা হয়, তেনেহ’লে দিল্লী চৰকাৰেও তেনে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ সন্মত ।’ লগতে জনোৱা হৈছে, প্রকাশ্যত আবর্জনা জ্বলালে জৰিমানা লোৱা হ’ব । যাতে ঘৰৰ পৰা মানুহ বাহিৰত নোলায়, তাৰ বাবে আৰু কিছু পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।

তেনে সময়তে, দিল্লীত সাত দিনৰ বাবে বিদ্যালয় বন্ধ ৰখাৰ নির্দেশ দিছে অৰবিন্দ কেজৰিৱাল চৰকাৰে । ইয়াৰ উপৰি, চৰকাৰী কর্মচাৰীসকলক ঘৰৰ পৰা কাম কৰাৰ নির্দেশ দিয়া হৈছে । লগতে, দিল্লীত সমস্ত নির্মাণ কাৰ্য সম্প্ৰতি বন্ধ ৰখাৰ নির্দেশ দিয়া হৈছে । দীপাৱলী-পৰৱর্তী সময়ত দিল্লী ধোঁৱাৰে আবৃত্ত হৈ পৰাৰ বাবেই এই নির্দেশ । এই কথাই জনাইছে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰীৱালে ।

সম্প্ৰতি সোমবাৰ অর্থাৎ ১৫ তাৰিখৰ পৰা পৰৱর্তী সাত দিনৰ বাবে এই নির্দেশ দিয়া হৈছে । নির্মাণ কাৰ্য, যিসমূহৰ পৰা প্রবল ধুলি উৰে, সেইসমূহ সম্প্ৰতি ১৪ তাৰিখৰ পৰা বন্ধ ৰাখিবলৈ কৈছে দিল্লী চৰকাৰে ।

যোৱা শনিবাৰে প্ৰদূষণত আবৃত্ত দিল্লী সম্পৰ্কত কেজৰীৱাল চৰকাৰক কঠোৰ বাক্য শুনাইছিল শীর্ষ আদালতে । দিল্লী চৰকাৰৰ তৰফৰ পৰা যি সিদ্ধান্ত লোৱা হৈছে, সেইসমূহ কিয় বাস্তৱায়িত হোৱা নাই, এই প্রশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে । জৰুৰী ভিত্তিত এই প্ৰদূষণ নিয়ন্ত্রণ কৰিবলৈ পদক্ষেপ ল’বলৈও কোৱা হয় । ইয়াৰ পাছতেই এক সাংবাদিক সাক্ষাৎকাৰত কেজৰীৱালে কয়, ‘‘১৫ তাৰিখৰ পৰা আগন্তুক সাত দিনৰ বাবে বিদ্যালয় বন্ধ থাকিব । ভার্চুৱেল মাধ্যমত পাঠদান হ’ব ।’’

দিল্লী আৰু দিল্লীৰ উপকণ্ঠৰ অঞ্চলসমূহ, যেনে গুৰগাঁও, নয়ডা, গাজিয়াবাদত সৰ্বাধিক প্ৰদূষণ হৈছে । প্রায় প্রতি বছৰে, শস্য চপোৱাৰ পাছত পথাৰত নৰা জ্বলোৱাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হৈছে । বছৰ বছৰ ধৰি এই সন্দৰ্ভত আদালতৰ নির্দেশো আহিছে । তৎস্বত্বেও, ৰাজধানীৰ পৰিৱেশ সলনি হোৱা নাই । চলিত বৰ্ষৰ শত নিষেধাজ্ঞাৰ সত্বেও শেষ পর্যন্ত সেই ধোঁৱাৰেই ঢাক খাইছে দিল্লী চহৰ ।

সেয়ে, প্ৰদুষণ ৰোধ কৰিবলৈ চৰকাৰে কেনেধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব জানিব বিচাৰিলে চৰকাৰে ।

Exit mobile version