ড’নাল্ড ট্ৰাম্পৰ মালিকাধীন ‘ট্ৰাম্প ইন্টাৰনেচনেল’ হোটেল বিক্ৰী হ’ল ২,৭৫১কোটি টকাত

4528

ট্রাম্প অর্গেনাইজেচনে ৱাশ্বিংটনস্থিত ‘ট্রাম্প ইণ্টাৰনেচনেল হােটেল’লীজত বিক্ৰী কৰিলে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ট্রাম্প অর্গেনাইজেচনে এইখন হােটেল চি জি আই মার্চেন্ট গ্রুপক ৩৭ কোটি ডলাৰ অর্থাৎ ভাৰতীয় মূল্য ২,৭৫১ কোটি টকাত বিক্রী কৰে।

মায়ামিৰ চি জি আই মার্চেন্ট গ্রুপে ট্রাম্প ইণ্টাৰনেচনেল হােটেলক নতুন ৰূপত গঢ় দিয়াৰ বাবে বিখ্যাত হিল্টন ৱর্ল্ডৱাইড হল্ডিংছৰ স’তে বুজাবুজিৰ চুক্তিত আবদ্ধ হৈছে।

চি জি আয়ে এই হােটেলখনৰ নাম ৱর্ল্ডফ এষ্ট’ৰিয়ালৈ সলনি কৰিব বিচাৰিছে। বাশ্বিংটনত থকা এইখন হােটেলৰ স্বত্বাধিকাৰী আছিল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প।

ট্রাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ চাৰি বছৰৰ কাৰ্যকালত ট্রাম্প ইন্টাৰনেচনেল হােটেলে ৭.১০ কোটি ডলাৰৰ লােকচান বহন কৰিব লগা হৈছে। ২০১৬ৰ ছেপ্টেম্বৰত এইখন হােটেল মুকলি কৰা হৈছিল।

Exit mobile version