কৰ’নাৰ প্ৰভাৱ : ইউৰােপত পর্যটকৰ সংখ্যা বৃদ্ধি, ব্রিটেইনত ৮২ শতাংশ হ্রাস

italy rome piazza spagna 728 okok

কৰ’নাৰ সংক্রমণ হাস পাবলৈ ধৰাত ইউৰােপ পর্যটকৰ বাবে পুনৰ মুকলি হৈছে। ইউৰােপৰ কে’বাখনাে দেশত সম্প্রতি যথেষ্টসংখ্যক বিদেশী পর্যটকে ভিৰ কৰিছে।

কিন্তু এইবাৰ ব্রিটেইনত পর্যটকৰ সংখ্যা যথেষ্ট হ্রাস পালে। কৰ’নাত আক্ৰান্তৰ সংখ্যা ক্রমাগত বৃদ্ধি পােৱাৰ ফলতে পর্যটকসকলে সম্প্রতি ব্রিটেইন ভ্ৰমণৰ পৰা বিৰত আছে।

ব্রিটেইনত ২০১৯ বৰ্ষৰ তুলনাত ২০২১ বৰ্ষত পর্যটকৰ সংখ্যা প্রায় ৮২ শতাংশ হ্রাস পালে। ব্রিটেইনৰ ৰাষ্ট্ৰীয় পর্যটক ব’র্ডৰ মতে, আগন্তুক বৰদিন আৰু নৱবৰ্ষৰ সময়তাে ব্রিটেইনলৈ বিদেশী পর্যটকৰ আগমনৰ সম্ভাৱনা তেনেই সীমিত।

ব্রিটেইনত প্রতিবেশী ৰাষ্ট্র ফ্রান্সত ২০২০ৰ তুলনাত ২০২১ বৰ্ষত বিদেশী পর্যটকৰ সংখ্যা ৩৫ শতাংশ বৃদ্ধি পাইছে। স্পেইনতাে চলিত বৰ্ষত বিদেশী পর্যটকৰ সংখ্যা ৬৪ শতাংশ বৃদ্ধি পাইছে।

আনহাতে তুৰস্কত ২০১৯ৰ তুলনাত পর্যটকৰ সংখ্যা ৭৪ শতাংশ বৃদ্ধি পালে। পতুর্গালত পর্যটকৰ সংখ্যা ৬৮ শতাংশ বৃদ্ধি পাইছে।

Exit mobile version