মাৰ্কিন অস্ত্ৰ-শস্ত্ৰ লৈ কাবুলত শক্তি প্ৰদৰ্শন তালিবানৰ

Resurgent Taliban

প্ৰায় ২০ বছৰ পাছত আফগানিস্তানত অভিযান সমাপ্ত কৰিলে আমেৰিকাই । অৱশ্যে লৰালৰিকৈ আৰু অপৰিকল্পিতভাৱে সেনা প্ৰত্যাহাৰৰ ফলত যুদ্ধবিধ্বস্ত দেশখনত কোটি কোটি ডলাৰ মূল্যৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ এৰি আহিব লগা হৈছিল মাৰ্কিন সেনা বাহিনীয়ে ।

সম্প্ৰতি মাৰ্কিন সেনাই এৰি থৈ অহা এনেবোৰ অস্ত্ৰ-শস্ত্ৰ হাতত লৈ কাবুলৰ ৰাজপথত কুছকৱাজ কৰিলে তালিবানে । আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কালি কাবুলৰ ৰাজপথত আমেৰিকাই এৰি থৈ অহা যুদ্ধাস্ত্ৰ হাতত লৈ কুছকৱাজত অংশ লৈছিল তালিবান সন্ত্ৰাসবাদীয়ে । এই কুছকৱাজত অংশ লোৱাৰ সময়ত কে’বাখনো এম ১১৭ মাৰ্কিন সামৰিক গাড়ী, এম ৪ ৰাইফল, এম আই-১৭ হেলিকপ্টাৰ প্ৰদৰ্শন কৰে তালিবান সেনাই ।

Exit mobile version