কিছুমান লোকৰ মুখৰ পৰা ইমান দুৰ্গন্ধ ওলায় যে ওচৰত থকা লোকসকলে মুখত ৰুমাল দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
যিজনৰ মুখৰ পৰা এনে দুৰ্গন্ধ ওলায় ট্ৰু হয়তো এনে হোৱাৰ বিষয়ে গমেই নাপায়।
কিছুমান মুখলজ্জাতে একো নকয় যদিও এনে ধৰণৰ দুৰ্গন্ধ ওলোৱা লোকৰ পৰা যিকোনো প্ৰকাৰে আঁতৰি থাকিবলৈহে ভাল।
মুখৰ পৰা বিভিন্ন কাৰণত দুৰ্গন্ধ ওলাব পাৰে।পিছে এনে দুৰ্গন্ধৰ কাৰণ কি সেয়া ভালদৰে জানি থ’লে সুফল পোৱা যায়
কি কি কাৰণত মুখৰ পৰা দুৰ্গন্ধ ওলায় সেই বিষয়ে জানি থোৱা ভাল ।
★খাদ্যাভ্যাসৰ পৰিৱৰ্তনৰ বাবে কিছুমানৰ মুখৰ পৰা দুৰ্গন্ধ ওলায়। সেইবাবে প্রথমতে নিজেই অনুমান কৰিব লাগে। কি ধৰণৰ খাদ্য খালে এনে হয়। পৰাপক্ষত তেনে খাদ্যৰ পৰা আঁতৰি থাকিব লাগে।
★কেতিয়াবা কিছুমান ৰোগৰ বাবেও দুর্গন্ধ ওলায়। বিশেষকৈ মুখ আৰু দাঁতৰ আলুৰ বাবে হ’ব পাৰে।
★সঠিকভাৱে দাঁত পৰিষ্কাৰ নকৰাৰ ফলতো এনে হয়।
★বেছি সময় যদি একো নোখোৱাকৈ থাকে তেতিয়াও হঠাতে মুখখন খুলিলেও দুর্গন্ধ ওলায়।
★ যদিহে দুর্গন্ধ ওলাইছে তেতিয়া হ’লে ইয়াক লুকুৱাই ৰখাতকৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত।
★আজি কালি বহুতেই মুখৰ দুৰ্গন্ধ আঁতৰ কৰিবলৈ বিভিন্ন ঔষধ আদি ব্যৱহাৰ কৰে। দৰাচলতে চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা উচিত নহয়। কাৰণ বিপদ হোৱাৰ আশংকা থাকে।
★যিকোনো খাদ্য খোৱাৰ পাছত মুখখন ভালদৰে পৰিষ্কাৰ কৰা উচিত।






























