Delta Outbreak : ডেল্টা সংক্রমণৰ আতংকত কঁপিছে চীন

2iqtec6c covid in china reuters 625x300 15 November 21 1

২০১৯ৰ ডিচেম্বৰত চীনৰ উহানত প্রথম ধৰা পৰে কৰ’না সংক্রমণ । ইয়াৰ পাছত প্রায় দুবছৰ পাৰ হ’ল । ভয়ানক পৰিণতি দেখিছে আমেৰিকা, ইটালী, ব্রিটেইন, ভাৰতে । কিন্তু সংক্রমণ আৰু মৃত্যুৰ পৰিসংখ্যা বাকী বিশ্বৰ তুলনাত চীন বহু পৰিমাণে ‘অক্ষত’ হৈ আছে । যদিও পুনৰ নতুনকৈ সংক্রমিত হৈছে বাসিন্দাসকল ।

এই পর্যন্ত চীনৰ মুঠ সংক্রমিতৰ সংখ্যা এক লাখ অতিক্ৰম কৰা নাই । ৪৬৩৬ জনৰ মৃত্যু হৈছে । অতিমাৰী-তালিকাত এই সংখ্যা একোৱে নহয় । সমগ্ৰ বিশ্বত কৰ’নাত মৃতৰ সংখ্যা ৫১ লাখৰো অধিক । কিন্তু বিশ্বৰ আটাইতকৈ জনবহুল দেশত মৃত মাত্র চাৰে চাৰি হেজাৰ । ১৭ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰৰ ভিতৰত ১৩০৮ টা সংক্রমণ ধৰা পৰিছে । গোটেইখিনিয়ে স্থানীয় সংক্রমণ হিচাপে চিহ্নিত কৰিছে প্রশাসনে ।

প্রশাসনে জনাইছে, ডেল্টা ষ্ট্ৰেইনৰ ফলতে নতুনকৈ কৰ’না সংক্রমণ বৃদ্ধি হৈছে । ২১খন প্রদেশত ডেল্টা ষ্ট্ৰেইন বিয়পিছে । দেশৰ এটা প্রান্তৰ পৰা অন্য প্রান্তলৈ ভ্ৰমণ নিষিদ্ধ কৰা হৈছে । লগতে দেশজুৰি গণ-পৰীক্ষা আৰম্ভ হৈছে । ‘জিৰ’-টলাৰেন্স’ নীতি অৱলম্বন কৰা হৈছে চীনত ।

Exit mobile version