একাংশ ৰেলত উপলব্ধ নহ’ব আমিষ খাদ্য : ঘোষণা ৰেলৱেৰ

Indian Railways 27thFeb 1

ভাৰতীয় ৰেলে নির্দিষ্ট কিছুসংখ্যক পথত চলাচল কৰা ৰেলত এতিয়াৰে পৰা মাছ-মাংস, কণী পৰিবেশন নকৰে। শীঘ্ৰে এই সিদ্ধান্ত কার্যকৰী কৰিব আই আৰ চি টি চিয়ে।

ADVERTISEMENT

বহু লােকে ৰেল যাত্ৰাৰ সময়ত নিৰামিষভােজী হােৱা হেতুকে ৰেলত উপলব্ধ খাদ্য গ্রহণৰ পৰা বিৰত থাকে। কিয়নাে ৰেলত আমিষ আহাৰ সর্বাধিক পৰিবেশন কৰা হয়।

যাত্রীসকলৰ এনে অসুবিধাৰ প্রতি লক্ষ্য ৰাখি একাংশ নির্দিষ্ট ৰেলত এতিয়াৰে পৰা পৰিবেশন কৰা হ’ব একমাত্র নিৰামিষ আহাৰ।

প্রথমে দিল্লী-কাটৰা পথত চলাচল কৰা বন্দে ভাৰত এক্সপ্ৰেছ ৰেলত সম্পূর্ণ নিৰামিষ আহাৰ পৰিবেশন কৰা হ’ব। এইখন ৰেলৰ অন্তিম আস্থান হৈছে বৈষ্ণু দেৱী মন্দিৰ।

আই আৰ চি টি চিৰ তথ্য অনুসৰি, ৰামায়ণ এক্সপ্ৰেছসহ প্রায় ১৮ খন অন্যান্য ৰেলত আমিষ আহাৰ পৰিবেশন বন্ধ কৰা হ’ব পাৰে।

মূলতঃ যিসমূহ ৰেলত তীর্থযাত্রী বা নিৰামিষভােজীৰ সংখ্যা সর্বাধিক হয়, সেইসমূহ ৰেলত নিৰামিষ আহাৰ পৰিবেশনৰ বাবে আই আৰ চি টি চিয়ে সিদ্ধান্ত লৈছে।

Exit mobile version