কাশ্মীৰী সংগীত শিল্পী নিজামীৰ গীত গ্ৰেমী বঁটাৰ বাবে মনোনীত

90 784x441 1

কাশ্মীৰৰ জনপ্ৰিয় সংগীত শিল্পী কেইছৰ নিজামীৰ গীত ‘নাজনিনয়’ ৬৪ সংখ্যক গ্ৰেমী বঁটাৰ বাবে মনোনীত হ’ল ।

প্ৰকাশিত বাতৰি অনুসৰি, এয়ে প্ৰথমবাৰ সংগীত জগতৰ সবাতোকৈ প্ৰসিদ্ধ গ্ৰেমী বঁটাৰ বাবে কাশ্মীৰী সংগীত শিল্পীৰ নাম মনোনীত হৈছে ।

নিজামীয়ে ক’ভিড-১৯ৰ প্ৰকোপ আৰু ইয়াৰ পাছত হোৱা তলাবন্ধৰ কিছুদিন পূৰ্বে আমেৰিকাত উক্ত গীত পৰিবেশন কৰিছিল ।

অহা ২৪ নৱেম্বৰত ৬৪ সংখ্যক গ্ৰেমী বঁটাৰ মনোনয়ন তালিকা আনুষ্ঠানিকভাৱে ঘোষিত হ’ব আৰু ৩১ জানুৱাৰী ২০২২ত এই বঁটা প্ৰদান কৰা হ’ব ।

Exit mobile version