তেল ভাণ্ডাৰ স্থাপনৰ হকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ চিৰাং ভ্ৰমণ

ভাৰত চৰকাৰৰ শ্ৰম আৰু নিয়োগ তথা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে আজি পুৱা ভাগত চিৰাং জিলাৰ ডাংতলৰ কিনিবৰ গাঁৱত উপস্থিত হৈ তেল ভাণ্ডাৰ স্থাপনৰ বাবে ভূমি পৰিদৰ্শন কৰে ৷

ডাংতল, কিনিবৰ গাঁও আৰু পেটেলাগাঁওৰ কমেও ১৮০ বিঘা ভূমি চিদলী ৰাজহ চক্ৰৰ অধীনৰ ভূমিৰ বাবে নক্সা পৰিদৰ্শন কৰে মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৷

ভাৰত পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেডৰ দ্বাৰা ৰূপায়িত হ’বলগীয়া ভাৰত পেট্ৰলিয়াম নিগমৰ তেল ভাণ্ডাৰ নিৰ্মাণ কৰাত ভূমি পৰিদৰ্শন কৰিবৰ বাবে উপস্থিত হোৱা বুলি উল্লেখ কৰি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা পেট্ৰলিয়াম আৰু গেছ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে বিটিআৰ চুক্তি অনুসৰি প্ৰস্তাৱিত পেট্ৰল আৰু ডিজেলৰ তেল ভাণ্ডাৰৰ প্ৰকল্পটো বিটিচি এলেকাত হ’ব যদিও এতিয়াও স্থান চূড়ান্ত হোৱানাই ৷

তেওঁ প্ৰকল্পটোৰ বাবে তিনি ঠাইত ভুমি ছোৱা হৈছে বুলি উল্লেখ কৰে ৷ উল্লেখযোগ্য যে, নিউ বঙাইগাঁও ৰেল জংচনৰ কাষত ডাংতল ৰেল ষ্টেচনৰ কাষত ভাৰত পেট্ৰলিয়াম বিভাগে দুশ বিঘা ভূমিৰ প্ৰয়োজন হব বুলি উল্লেখ কৰে ৷

তেওঁ বিটিচিত প্ৰকল্পটো স্থাপন হ’লে স্থানীয়.যুৱক-যুৱতী সকল আত্মনিৰ্ভৰশীল হ’ব পাৰিব বুলি বুলি মত ব্যক্ত কৰে ৷ ভূমি পৰিদৰ্শন কালত কেন্দ্ৰীয় শ্ৰম বিভাগৰ উচ্চ পদস্থ বিষয়া বীৰেন্দ্ৰ মিট্টাল, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিটিচিৰ যুটীয়া সচিব উইলবাৰ্ণ দৈমাৰী, চিৰাং জিলাৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ, আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, কাজলগাঁও পৌৰসভাৰ সভাপতি ৰণগৌৰা নাৰ্জাৰী লগতে স্থানীয় ৰাইজ উপস্থিত থাকে ৷

ভূমি পৰিদৰ্শনৰ পাছত ডাংতল বাথৌ ক্লাবত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে স্থানীয় দল সংগঠন, ৰাইজৰ সতে মত বিনিময় কৰে ৷

Exit mobile version