সোণাপুৰৰ তেতেলীয়াত আৰম্ভ অসম ষ্টেট ৰ’ড চাইক্লিং চেম্পিয়নশ্বিপ ২০২১

বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণাপুৰৰ তেতেলীয়াত আৰম্ভ হৈছে Assam State Road Cycling Championship 2021।

Cycling association of Assamএ আয়োজন কৰা এই প্ৰতিযোগিতাত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

বুধবাৰে পুৱা আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ক্ৰীড়া মন্ত্ৰী বিমল বৰা, পবিত্ৰ মাৰ্ঘেৰিটা লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি।

উল্লেখ্য যে বুধবাৰ আৰু বৃহস্পতিবাৰে কেইবাটাও শাখাত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

আনহাতে এই প্ৰশিক্ষাৰ্থীসকলৰ মাজৰে পৰা কুৰুক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ cycling প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ দল বাচনি কৰা হ’ব।

Exit mobile version