ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণ হোৱাটো একো নতুন কথা নহয়, কিন্তু এইবাৰৰ দৰে পৰিস্থিতি কেতিয়াও হোৱা নাছিল।দিল্লী আৰু ইয়াৰ আশে-পাশে থকা বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ ইতিমধ্যে অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে।
অধিকাংশ কৰ্মচাৰীক ঘৰৰ পৰাই কাম কৰিবলৈ নিৰ্দেশ দিছে বায়ু গুণমান ব্যৱস্থাপনা আয়োগে (চিএকিউএম) ।
মঙলবাৰে নিশা জাৰি কৰা ন পৃষ্ঠাৰ এক নিৰ্দেশনাত চিএকিউএমে এনচিআৰ (ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল বা বৃহত্তৰ দিল্লী)ৰ অধীনৰ ৰাজ্য চৰকাৰসমূহক পৰামৰ্শ দিছে,যে ২১ নৱেম্বৰ পর্যন্ত প্ৰতি কাৰ্যালয়ত কমেও ৫০শতাংশ কৰ্মচাৰীয়ে কাম কৰিব। পৰা এনচিআৰ এলেকাত পৰিছে দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু উত্তৰ প্ৰদেশ । ব্যক্তিগত কাৰ্যালয়সমূহেও বাধ্যতামূলক ভাৱে অধিকাংশ কৰ্মচাৰীয়ে ঘৰৰ পৰা কাম কৰাৰ নিৰ্দেশনা পালন কৰিব লাগিব।
কেৱল অফিচ-কছাৰীতে ঘৰৰ পৰা কাম নহয়, বিদ্যালয় আৰু মহাবিদ্যালয়সমূহো ঘূৰি আহিছে অনলাইন পদ্ধতি । ঠিক যেনেদৰে কৰ’নাৰ তলাবন্ধৰ সময়ত আছিল।
চিএকিউএমৰ নিৰ্দেশত দিল্লী আৰু এনচিআৰ অঞ্চলৰ সকলো নিৰ্মাণ কাৰ্য বন্ধ কৰি দিয়া হৈছে। যদি কোনোবাই নিৰ্মাণ কাৰ্য চলায় বা আদেশ উলংঘা কৰি নিৰ্মাণ সামগ্ৰী সংগ্ৰহ কৰে, তেন্তে এক বৃহৎ জৰিমনা ভৰিব লাগিব। ব্যতিক্ৰম কেন্দ্ৰীয় ভিষ্টা প্ৰকল্প।
দিল্লীক ২১ নৱেম্বৰলৈকে বাহিৰৰ পৰা ট্ৰাক প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। ব্যতিক্ৰম কেৱল জৰুৰী সেৱা প্ৰদানকাৰী ট্ৰাক।
প্ৰদূষণৰ আশংকা ৰাজধানীৰ ১১টা তাপ বিদ্যুৎ প্ৰকল্পৰ ভিতৰত মাত্ৰ পাঁচটাহে কাম কৰিছে ।বাকী ছয়টা বন্ধ ।
১৫ বছৰ পুৰণি পেট্ৰ’ল গাড়ী আৰু ১০ বছৰ পুৰণি ডিজেল গাড়ী পথত ওলাই আহিব নোৱাৰিব। আন বাহনৰ ক্ষেত্ৰত প্ৰদূষণৰ মাত্ৰ জোখা হ’ব।
এতিয়ালৈকে ৰাজধানীৰ কাষৰীয়া অঞ্চলত ভয়াবহ প্ৰদূষণৰ মূল কাৰণ হিচাপে হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ আৰু পঞ্জাৱত নৰা জ্বলোৱা আছিল।।
কিন্তু শেহতীয়া এক প্ৰতিবেদনে দেখুৱাইছে যে দিল্লীৰ সামগ্ৰিক প্ৰদূষণৰ মাত্ৰ চাৰি শতাংশই নৰা জ্বলোৱাত অৰিহণা যোগাইছিল। উচ্চতম ন্যায়ালয়েও শেহতীয়াকৈ বিষয়টোত মন্তব্য কৰিছে।
আদালতত দাখিল কৰা ৰাজ্য চৰকাৰৰ প্ৰতিবেদন অনুসৰি, দিল্লীৰ পৰিস্থিতি এনেকুৱা যে আপুনি উশাহ লোৱাৰ পাছত আপোনাৰ শৰীৰত প্ৰৱেশ কৰা প্ৰদূষণৰ পৰিমাণ প্ৰতিদিনে ২০ টা চিগাৰেটৰ সমান।
চিএকিউএমে ২১ নৱেম্বৰত পুনৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিব। পৰিস্থিতি উন্নত হ’লে প্ৰতিবন্ধকতাসমূহ শিথিল হোৱাৰ সম্ভাৱনা আছে।