Afghanistan Crisis : ভিৰৰ চাপত বন্ধ পাছপ’র্ট দপ্তৰ

2021 10 06T055037Z 1741725323 RC234Q9VNNX1 RTRMADP 3 AFGHANISTAN CONFLICT PASSPORTS

প্রতিদিনে হেজাৰ হেজাৰ পাছপ’র্টৰ আবেদন জমা হৈছে কাবুলৰ পাছপ’র্ট অফিচত । সেই চাপ বহন কৰিব নোৱাৰি অচল হৈ পৰিছে দপ্তৰৰ বায়’মেট্রিক যন্ত্র । সেয়ে সম্প্ৰতি দপ্তৰ বন্ধ ৰখাৰ কথা জনাইছে সংশ্লিষ্ট কর্তৃপক্ষ‌ই ।

তালিবানৰ শাসনকালত নিৰাপদ ভৱিষ্যতৰ আশ্বাস আফগানিস্তানৰ জনসাধাৰণৰ বাবে সপোন মাত্র । ইয়াৰ উপৰি অৰ্থনৈতিক সংকটতো আছেই । শীতে জুমুৰি ধৰাৰ সময়তে খাদ্য-সংকটেও দেখা দিছে । চাকৰি নাই, সেৱা নাই, নিৰাপত্তা নাই । ফলত কাতাৰৰ মানুহে দেশ ত্যাগ কৰি পলায়ন কৰিব বিচাৰিছে । সেয়ে দৈনন্দিন দীঘলীয়া শাৰী লাগিছে পাছপ’র্ট অফিচত ।

কাবুলৰ পাছপ’র্ট দপ্তৰৰ ডিৰেক্টৰ আলম গুল হক্কানিয়ে কয়, ‘‘দৈনন্দিশ ১৫ৰ পৰা ২০ হেজাৰ মানুহ গোট খাইছে পাছপ’র্ট অফিচত । স্বাভাৱিকভাৱে আমাৰ যিমান লোক নিয়ন্ত্ৰণৰ ক্ষমতা আছে, সম্প্ৰতি এই সংখ্যা তাতকৈ পাঁচ-ছয় গুণ অধিক । তেওঁলোকে বাহিৰৰ পথতেই অপেক্ষা কৰিছে গোটেই নিশা ।’’ চাপ বহন কৰিব নোৱাৰি অচল হৈ পৰিছে বায়’মেট্রিক যন্ত্র । ফলত গোটেই দিন অপেক্ষাৰ পাছতো কাম নোহোৱাকৈ উভতি যাবলৈ বাধ্য মানুহ ।

সেই হেতুকে, মঙলবাৰৰ পৰা আগন্তুক কিছুদিনলৈ পাছপ’র্ট অফিচৰ সমস্ত কাৰ্য বন্ধ থাকিব বুলি ঘোষণা কৰিছে কর্তৃপক্ষ‌ই । এক সাক্ষাৎকাৰত আলম গুল হক্কানিয়ে কয়, যান্ত্রিক ত্রুটি সমাধান কৰি দ্রুত অফিচ খোলাৰ ব্যৱস্থা কৰা হ’ব ।

তেনে সময়তে আফগানিস্তানত ভুৱা পাছপ’র্ট চক্র‌ই গা কৰি উঠিছে । আজি তালিবান চৰকাৰৰ অভ্যন্তৰীণ মন্ত্রীয়ে জনায়, ভুৱা নথি ব্যৱহাৰ কৰি জালি পাছপ’র্ট প্ৰস্তুত কৰাৰ অভিযোগত ৬০ জনক গ্রেপ্তাৰ কৰা হৈছে । কেইজনমান পাছপ’র্ট দপ্তৰৰ কর্মীও ইয়াৰ স’তে জড়িত আছে । প্রশাসন সূত্রে খবৰ, পাছপ’র্টৰ আবেদন মঞ্জুৰৰ বাবে চৰকাৰী বিষয়াসকলৰ বিৰুদ্ধে উৎকোচ বিচৰাৰ প্রচুৰ অভিযোগ উত্থাপিত হৈছে ।

Exit mobile version