Group D Recruitment : সম্পূৰ্ণ কমিছনকেই বৰ্খাস্ত কৰি দিয়া হ’ব, এছ‌এছচি সচিবক তীব্র কটাক্ষ উচ্চ ন্যায়ালয়ৰ

360385 kolkata high court 5

গ্রুপ ডি কর্মী নিয়োগ কৰাৰ সম্পৰ্কত উচ্চ ন্যায়ালয়ত প্রশ্নৰ সন্মুখীন হৈছে এছএছচি সচিব । নিয়োগত অনিয়মৰ অভিযোগ গোচৰত এছএছচি সচিবক তীব্র কটাক্ষ কৰে কলকাতা উচ্চ ন্যায়ালয়ে ।

মঙলবাৰে এই গোচৰত ক্ষোভ প্রকাশ কৰে হাইকোর্টের ন্যায়াধীশ অভিজিৎ গংগোপধ্যায়ে । পেনেল বহির্ভূত নিয়োগৰ আবেদন কিয় কৰিলে স্কুল ছার্ভিচ কমিছনে সেই সম্পৰ্কত ২৪ ঘণ্টাৰ ভিতৰত কমিছনৰ সচিবক তলব কৰে উচ্চ ন্যায়ালয়ে । লগতে অনিয়মত ক্ষুব্ধ উচ্চ ন্যায়ালয়ে চিবিআই তদন্তৰো সকীয়নী দিয়ে । আজি এছএছচি সচিবক তীব্ৰ ভাষাৰে কটাক্ষ কৰে ন্যায়াধীশে ।

সচিবৰ উদ্দেশ্যে ন্যায়াধীশে কয়, ‘আপোনালোকৰ ওপৰত মোৰ ভৰসা নাই । আপোনালোকে কি তদন্ত করৰিব ম‌ই জানো । নিয়োগক লৈ এই দুর্নীতি নচলিব । সম্পূৰ্ণ কমিছনক বৰ্খাস্ত কৰি দিয়া হ’ব । প্রয়োজন হ’লে চিআইএছএফক ক’ম অফিচৰ দখল ল’বলৈ । যাতে কোনেও একো বস্তু অফিচৰ বাহিৰত লৈ যাব নোৱাৰে । চিবিআইক কম সকলো পৰ্যবেক্ষণ কৰিবলৈ । কোনেও কম্পিউটাৰত হাত নিদিব । ইয়াৰ পিছত কোন আছে আমি বিচাৰি উলিয়াব লাগিব ।

গ্রুপ ডি নিয়োগত অনিয়মৰ অভিযোগৰ তদন্তত এটা কমিছন গঠন কৰাৰ কথা আদালতত জনায় পশ্চিমবংগ চৰকাৰে । সেই আবেদন অস্বীকাৰ কৰে উচ্চ ন্যায়ালয়ে । আদালতৰ তৰফৰ পৰা কোৱা হৈছে, এতিয়া তদন্ত কমিটী গঠন কৰিব পৰা নাযাব । ইয়াৰ পাছতেই এই গোচৰৰ বিষয়ত সময় বিচাৰে পশ্চিমবংগ চৰকাৰৰ আইনজীৱীয়ে । কিন্তু সেই আবেদনো নাকচ কৰে আদালতে । কোৱা হয় আৰু সময় দিব পৰা নাযাব । আজি সন্ধিয়াই জনাব লাগিব কিয় এনে দুর্নীতি হৈছে । সকলো আবেদনৰ নথি জমা দিব লাগিব । সকলো প্রশ্নৰ সন্তোষজনক উত্তৰ দিব লাগিব ।

২০১৬ত গ্রুপ ডি পদত ১৩জশ হেকাৰ কর্মচাৰী নিয়োগ কৰা হয় । সেই পেনেলৰ ম্যাদ শেষ হয় ২০১৯ত । কিন্তু তাৰ পাছতো একাধিক নিয়োগ হৈছে । মুঠ ২৫ জনৰ আবেদনৰ তথ্য আছে আদালতৰ হাতত । এই সম্পৰ্কতেই ব্যাখা তলব কৰে উচ্চ ন্যায়ালয়ে ।

Exit mobile version