Minister-Doctor:মাজ আকাশত অসুস্থ যাত্ৰী ,পৰীক্ষা কৰিলে মন্ত্ৰী ভাগৱত কাৰাডে

1637119713 montri

মধ্য আকাশতে অসুস্থ হোৱা এজন সহযাত্ৰীক চিকিৎসা কৰাত প্ৰশংসিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী ভাগৱত কাৰাড।মঙলবাৰে ঘটনাটো সংঘটিত হয় ইণ্ডিগ’ৰ এখন বিমানত।

নিজৰ সহকৰ্মীৰ এই কামত প্ৰভাৱিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ইণ্ডিগ’ৰ টুইটটো শ্বেয়াৰ কৰি ভাগৱতৰ প্ৰশংসা কৰে।

ভাগৱত কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী। তেওঁ মহাৰাষ্ট্ৰৰ পৰা ৰাজ্যসভাৰ সাংসদ হৈছে। মন্ত্ৰী ভাগৱত পেছাত এজন চিকিৎসক।

তেওঁ মঙলবাৰে দিল্লীৰ পৰা মুম্বাইলৈ যায় ইণ্ডিগো বিমানত। মাজভাগত, বিমানখনৰ এজন যাত্ৰী অসুস্থ হৈ পৰিছিল। যাত্ৰীজনক অসুস্থ দেখি চিকিৎসা কৰে মন্ত্ৰীগৰাকীয়ে।

সংবাদ সংস্থা এএনআইৰ দ্বাৰা শ্বেয়াৰ কৰা ছবিসমূহত দেখা গৈছে যে অসুস্থ যাত্ৰীজন বিমানৰ আসনত পৰি আছে আৰু ভাগৱতে তেওঁক পৰীক্ষা কৰি আছে।

তেওঁ কয়, “ব্যক্তিজনৰ ৰক্তচাপ হ্ৰাস পাইছিল। তেওঁ যথেষ্ট ঘাম ওলাইছিল। এতিয়া তেওঁ সুস্থ আছে। “মন্ত্ৰীজনৰ পৰামৰ্শ অনুসৰি, যাত্ৰীজনে গ্লুকোজ খোৱাৰ পাছত আৰোগ্য হয়।

ইণ্ডিগ’ই নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ পৰা সমগ্ৰ ঘটনাক লৈ ধন্যবাদ জনাইছে কেন্দ্ৰীয় মন্ত্ৰীগৰকীক। টুইটটো শ্বেয়াৰ কৰি মোদীয়ে লিখিছে, ‘অন্তৰৰ পৰা তেওঁ সদায় এজন চিকিৎসক। ভাল কাম মোৰ সহকৰ্মীৰ। ‘

Exit mobile version