ছ্যু কীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতিৰ অভিযোগ সেনাৰ

3e174bac 6439 11eb bc00 908c10a5850a image hires 132832

কৰ’না বিধি লংঘন, দেশদ্ৰোহৰ দৰে অভিযোগ উত্থাপন কৰাৰ পাছত ম্যানমাৰৰ গণতান্ত্ৰকামী নেত্ৰী আং ছান ছ্যু কীৰ বিৰুদ্ধে দেশখনৰ সামৰিক জুণ্টা চৰকাৰে নতুন অভিযোগ উত্থাপন কৰিলে । এইবাৰ ছ্যু কীৰ বিৰুদ্ধে উত্থাপিত হ’ল নিৰ্বাচনত জালিয়াতিৰ অভিযোগ ।

ম্যানমাৰৰ চৰকাৰী সংবাদ মাধ্যমে এই কথা প্ৰকাশ কৰি কয় যে যোৱা বছৰৰ নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত জালিয়াতি কৰি জয়লাভ কৰিছিল ছ্যু কীৰ নেতৃত্বাধীন এন এল ডি দলে । একে অভিযোগ সামৰিক চৰকাৰখনে উত্থাপন কৰিলে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আৰু নিৰ্বাচন আয়োগৰ মুৰব্বীসহ ১৫ জন চৰকাৰী বিষয়াৰ বিৰুদ্ধে ।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰীত সামৰিক অভ্যুত্থানৰ পাছৰে পৰা গৃহবন্দী হৈ আছে ম্যানমাৰৰ ক্ষমতাচ্যুত শাসক ৭৬ বছৰীয়া ছ্যু কী ।

Exit mobile version