দাতব্য ন্যাসে লাভ কৰা দান, অনুদানত ১৮ শতাংশ জি এছ টি আদায় দিয়া বাধ্যতামূলক

1569345843 gst getty

মহাৰাষ্ট্রৰ অথ’ৰীটি ফ’ৰ এডভান্স ৰুলিং (এ এ আৰ)-এ এক ৰায়ত কয় যে দাতব্য ন্যাসে লাভ কৰা যিকোনাে দান আৰু অনুদানৰ ক্ষেত্ৰত ১৮ শতাংশ সামগ্ৰী আৰু সেৱাকৰ (জি এছ টি) আদায় দিয়াটো বাধ্যতামূলক।

ADVERTISEMENT

মহাৰাষ্ট্ৰৰ ৰাজহুৱা দাতব্য ন্যাস আইন ১৯৫০ৰ অধীনত পঞ্জীকৃত এটা দাতব্য ন্যাসে দান-অনুদানৰ ক্ষেত্ৰত জি এছ টি আদায়ৰ বিষয়ত এ এ আৰৰ মহাৰাষ্ট্র শাখাৰ স’তে যােগাযােগ কৰিছিল।

সংস্থাটোৱে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসহ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ পৰা লাভ কৰা দান-বৰঙণিৰ ক্ষেত্ৰত দাতব্য ন্যাসে জি এছ টি আদায় দিয়াটো বাধ্যতামূলক হয় নে নহয়, সেই কথা এ এ আৰৰ পৰা জানিব বিচাৰিছিল।

এ এ আৰে স্পষ্ট কৰি কয় যে যিকোনাে দাতব্য ন্যাসে লাভ কৰা দান-বৰঙণিৰ ক্ষেত্ৰত ১৮ শতাংশ জি এছ টি আদায় দিব লাগিব।

Exit mobile version