ফকিৰাগ্ৰামত কমতাপুৰী কোচ ৰাজবংশী শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস-মিউজিক ফেষ্টিভেলৰ আয়োজন

প্ৰতিফলিত হ’ব জনগোষ্ঠীটোৰ আৰ্থ-সামাজিক দিশ

কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, আৰ্থ-সামাজিক দিশ প্ৰতিফলিত হোৱাকৈ এক আটক ধুনীয়া, সুশৃংখল পৰিৱেশত ফকিৰাগ্ৰামত অনুষ্ঠিত হ’ব কমতাপুৰী কোচ ৰাজবংশী শিল্পী সমাজৰ প্ৰতিষ্ঠা দিৱস আৰু মিউজিক ফেষ্টিভেল । কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ ময়নাৰতল গাঁৱৰ খেলপথাৰত অহা পাঁচ আৰু ছয় জানুৱাৰীত দুই দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া প্ৰতিষ্ঠা দিৱস আৰু মিউজিক ফেষ্টিভেলটো সম্পন্ন কৰাৰ বাবে ১০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা হয় ।

ADVERTISEMENT

আজি কমতাপুৰী কোচ ৰাজংশী শিল্পী সমাজ আৰু অভ্যৰ্থনা সমিতিৰ যৌথ বৈঠকত উক্ত সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, কোকৰাঝাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কে এ চিৰ মুখ্য কাৰ্যবাহী সদস্যকে ধৰি সকলো কাৰ্যবাহী সদস্য, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য, স্থানীয় পৰিষদীয় সদস্য তথা কাৰ্যবাহী সদস্যৰ উপৰি পশ্চিম বংগৰ সাংসদ জয়ন্ত ৰায় আদি বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত গৃহীত হয় ।

কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি প্ৰতিফলিত হোৱাকৈ আটক ধুনীয়া মঞ্চ, অতিথি গৃহ, কোচ ৰাজবংশী জনগোষ্ঠীৰ থলুৱা খাদ্য-সম্ভাৰেৰে ভৰপূৰ ষ্টল, গ্ৰন্থ, পুখুৰীৰ পানীৰ মাজত জিৰণি চ’ৰা, গছৰ ওপৰত চাং-ঘৰ ইত্যাদি মনোমোহা ৰূপত অনুষ্ঠাটিৰ চৌপাশ দৃষ্টিনন্দন ৰূপত সজাই-পৰাই তোলা হ’ব বুলি আদৰণি সমিতিৰ সভাপতি তথা কমতাপুৰ অটোনমাচ কাউন্সিলৰ কাৰ্যবাহী সদস্য কৰ্মেশ্বৰ ৰায়ে জানিবলৈ দিয়ে ।

আদৰণি সমিতিৰ সম্পাদক কংকন ৰায়ে আঁত ধৰা সভাত কমতাপুৰী কোচ ৰাজবংশী শিল্পী সমাজৰ সাধাৰণ সম্পাদক দেৱজিৎ ৰায়, ডিজেল কোচ, উপদেষ্টা ভৃগু মুনি ৰায়, কুশল ৰায়, সদস্য মহানন্দ ওৰফে গান্ধী, জয়মতী ৰায়ৰ লগতে আক্ৰাছুৰ উপদেষ্টা বিষ্ণু জ্যোতি ৰায়কে আদি কৰি বহুতো বিশিষ্ট ব্যক্তিয়ে দিহা-পৰামৰ্শৰে বক্তব্য দাঙি ধৰে ।

Exit mobile version