শাৰীৰিকভাবে অসুস্থ শিল্পী পেঞ্চনৰ পৰা বঞ্চিত বজালীৰ কৰ্দৈগুৰীৰ সুদক্ষ নৃত্যশিল্পী অপূৰ্ব উজীৰ

0c898ffa 427a 4674 bdea 042a074f27cf

অবিভক্ত বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত কৰ্দৈগুৰী নিৱাসী তথা ভ্ৰাম্যমাণ থিয়েটাৰ জগতৰ এজন সুদক্ষ নৃত্য শিল্পী অপূৰ্ব উজীৰ সম্প্ৰতি শাৰীৰিকভাবে অসুস্থ হৈ পৰিছে৷

শিল্পী পেঞ্চনৰ পৰা বঞ্চিত প্ৰয়াত পিতৃ ধনেশ্বৰ উজীৰ আৰু মাতৃ হেমন্তী উজীৰৰ পুত্ৰ অপূৰ্ব উজীৰ সৰুৰে পৰা নৃত্যশিল্পীৰ প্ৰতি হেঁপাহ আছিল৷

অপূৰ্ব উজীৰে ১৯৭৮ চনৰ নাট্যবৰ্ষত সুৰদেবী থিয়েটাৰত ১৩ বছৰ বয়সতে শিশু অভিনেতা হিচাপে ভ্ৰাম্যমাণ থিয়েটাৰত আত্মপ্ৰকাশ কৰে যদিও পিছত তেখেতে নৃত্য শিল্পী হিচাবে অসমৰ ইমুৰৰ পৰা সিমুৰলৈ দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সমক্ষ হয়।

ইয়াৰ পাছত তেওঁ একাদিক্ৰমে কহিনুৰ,ভাগ্যদেৱী, অপ্সৰা,আবাহন, মুকুন্দ,শংকৰদেৱ, হেঙুল, শৰাইঘাট, বীণাপাণি,বিষ্ণুজোতি,মনালিছা,শকুন্তলা, মেঘদূত, নয়নতৰা, অলংকাৰ, সুৰদেবী, নটৰাজ থিয়েটাৰকে ধৰি অসমৰ প্ৰায় কেইটা ভ্ৰাম্যমাণ নাট্য দলতে নৃত্যশিল্পী হিচাপে ৰাইজৰ মাজত বাৰুকৈয়ে জনপ্ৰিয় হৈ পৰিছিল।

উল্লেখ যে, শংকৰদেৱ থিয়েটাৰৰ শংকৰদেৱ নাটিকাত মুনলাইট মিডিয়ামৰ পৰা শ্ৰেষ্ঠ নৃত্য শিল্পী হিচাপে বঁটা লাভ কৰিছিল অপূৰ্ব উজীৰে৷

ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় শিল্পী জনে আক্ষেপ প্ৰকাশ কৰি কয় যে শিল্পী পেঞ্চনৰ পৰা বঞ্চিতৰ লগতে তেওঁ আনকি এতিয়ালৈকে এটা চৰকাৰী আবাসো লাভ কৰিবলৈ সক্ষম হোৱা নাই।

সম্প্ৰতি শাৰীৰিক ভাবে অসুস্থ শিল্পী উজীৰে কয় যে চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰিলে তেওঁ অন্তত কোনোমতে বৃদ্ধ মাতৃ, পত্নী আৰু এহাল ল’ৰা-ছোৱালীৰ পৰিয়ালটোক পোহপাল দিব পাৰিব।

তদুপৰি গ্ৰাম্য অঞ্চলৰ এনে এজন শিল্পীয়ে চৰকাৰৰ পৰা শিল্পী পেঞ্চন পোৱাটো কামনা কৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে৷

Exit mobile version