শীতকালত উফিৰ সমস্যা ?কেনেকৈ হাত সাৰিব

unnamed 1

★এমুঠিমান মিথি গুটি গোটেই ৰাতিটো পানীত ভিজাই থৈ দিব। পুৱা পানীখিনি পেলাই গুটিবোৰ পিহি এটা পেষ্ট তৈয়াৰ কৰি লব আৰু চুলিৰ গুৰিত সানি দিব।তাৰ পাছত এঘণ্টামান ৰাখি কুহুমীয়া পানীৰে মূৰটো ধুই দিব।

★প্ৰয়োজন অনুসৰি এমুঠি বা দুমুঠি নিমপাত, পিহি এটা পেষ্ট তৈয়াৰ কৰি লব।তাৰ পাছত প্ৰায় ১০ মিনিট মানৰ বাবে চুলিত প্ৰয়োগ কৰিব আৰু পাছত কুহুমীয়া গৰম পানীৰে ধুই দিব।

★ এটা বা দুটা নহৰুৰ ডাঙৰ ফুটা পিহি অলপ পানীৰ লগত মিহলাই চুলিৰ গুৰিত লগাই থৈ কিছুসময়ৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব।

★ নাৰিকল তেল উফি নিৰাময়ৰ মহৌষধ। নাৰিকল তেল ব্যৱহাৰ কৰি উফিৰ পৰা হাত সাৰিব পাৰিব।

★ তিনি চাৰি চামুচ নেমুৰ ৰস চুলিৰ গুৰিত ঘহিব। ১০-১৫ মিনিট সময় ৰাখিব আৰু অলপ পানীত নেমু ৰস মিহলি কৰি পুনৰ চুলি খিনি ধুব।

★কৰদৈৰ ৰস উলিয়াই চুলিৰ গুৰিত সানি ১০ মিনিটমান ৰাখি পানীৰে ধুই দিব। উফিৰপৰা পৰিত্ৰাণ পাব।

Exit mobile version