পশ্চিম কাৰ্বি আংলঙত খেৰণি গৰকাপ্তানী বিভাগৰ অধীনৰ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনৰ ২০১৭-১৮ বিত্তীয় বৰ্ষৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ ঠেংলংবাসীৰ।
জেংখা-ডেৰামুকাম-ঠেংলং সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত নির্মাণকাৰ্য সম্পূৰ্ণ কৰা দেখুৱাই প্ৰায় ৫.৫ কি:মি: দৈর্ঘ্যৰ পথ নিৰ্মাণৰ পৰিবৰ্তে প্ৰায় ৪.২ কি:মি: দৈর্ঘ্যৰ পথ নিৰ্মাণ কৰিয়েই দুবছৰ পুৰ্বেই কমল গিৰী নামৰ ঠিকাদাৰজনে পথ নিৰ্মাণৰ নামত আবণ্টিত হোৱা দুই কোটি ৯১ লাখ আঠ হাজাৰ টকাৰ এটা বৃহৎ অংক সৰকাই নিজৰ জেপত ভৰুৱাৰ অভিযোগ উত্থাপিত কৰিছে ঠেংলংবাসীৰ লগতে সচেতন মহলে।
আনহাতে প্ৰায় এক কি:মি: দৈর্ঘ্য কমকৈ পথ নিৰ্মাণ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই ঠিকাদাৰজনে পুনৰ দুবছৰ পাছত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰে যদিও নিৰ্মাণ কাৰ্য্য অতি নিম্নমাণৰ হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে ঠেংলংবাসীয়ে।
যাৰ ফলস্বৰূপে নিৰ্মাণকাৰ্য্য সম্পূৰ্ন হোৱাৰ পূৰ্বেই তথা বাহন আদি চলিলে বা মানুহে খোজ কাঢ়িলেই ধানৰ পতানৰ দৰে পকী পথত পাৰি দিয়া মিহি শিলৰ তৰপৰ শিল উৰি বা চিটিকি যায় বুলি মন্তব্য কৰি নির্মাণকাৰ্যত সংঘটিত হোৱা অনিয়ম আৰু দুৰ্নীতিৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ লগতে উন্নত মানৰ পথ নিৰ্মাণৰ দাবী তুলিছে ঠেংলংবাসীয়ে।
অৱশ্যে দুৰ্নীতি অথবা অনিয়মেৰে আঁচনি ৰূপায়ণৰ ধন হৰলুকী কৰাৰ ক্ষেত্ৰত কেৱল ঠিকাদাৰ কমল গিৰীয়ে নহয় ইয়াৰ উপৰিও বিভাগীয় কৰ্তৃপক্ষৰ লগতে মধ্যভোগী দালাল পৰোক্ষভাৱে জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰিছে সচেতন মহলে।






























